অলিম্পিয়া প্ৰতিবেদন
ক’ৰ ফিটনেছ এণ্ড ফিটআপ ফিটনেছ চেণ্টাৰৰ উদ্যোগত কামৰূপ জিলা ফিজিক স্পৰ্টছ এছ’চিয়েছনৰ সহযোগত ২০২০ বৰ্ষৰ মি কামৰূপ প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে লতাশিলৰ গনেশপাৰা ফিল্ডত। কৰোনা মহামাৰীৰ বাবে যথেষ্ট পলমকৈ অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখন কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰনালায়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন আগশাৰীৰ শৰীৰচৰ্চা প্ৰতিযোগিতা।
শনিবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ ল’ব বুলি আশা কৰিছে আয়োজক মণ্ডলীয়ে। উল্লেখযোগ্য যে ইয়াত জয়লাভ কৰা প্ৰতিযোগীসকলে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত মিঃ আছাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।