Monday, October 3, 2022
HomeNews২ এপ্ৰিলত গুৱাহাটীত ৩৩ সংখ্যক মিঃ শৰাইঘাট: সৰ্বভাৰতীয় দেহশ্ৰী প্ৰতিযোগিতা

২ এপ্ৰিলত গুৱাহাটীত ৩৩ সংখ্যক মিঃ শৰাইঘাট: সৰ্বভাৰতীয় দেহশ্ৰী প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছচিয়েচনৰ সৌজন্যত শৰাইঘাট জিমে অহা ২ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিছে ৩৩ সংখ্যক মিঃ শৰাইঘাট, আৰ জি বৰুৱা সোঁৱৰণি সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতা । দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত হ’বলগীয়া এই প্ৰতিযোগিতাত বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাত প্ৰথমৰ পৰা দশম স্থানৰ খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব । প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে ক্ৰমে ডেৰ লাখ, এক লাখ, ৮০ হেজাৰ টকা লাভ কৰিব । চতুৰ্থৰ পৰা সপ্তম স্থানপ্ৰাপ্তসকলে লাভ কৰিব ক্ৰমে ৬০, ৫০, ৪০ আৰু ৩০ হেজাৰ টকা । অষ্টমৰ পৰা দশম স্থানপ্ৰাপ্তসকলে ২৫ হেজাৰকৈ টকা লাভ কৰিব । মূঠ প্ৰাইজমানি হ’ব ৫,৮৫,০০০ টকা । তদুপৰি চতুৰ্থ ‘অসমীয়া প্ৰতিদিন মিঃ শৰাইঘাট আছাম’ প্ৰতিযোগিতাৰ প্ৰথম পাঁচটা স্থানৰ গৰাকীয়ে লাভ কৰিব ক্ৰমে ৩০, ২০, ১৫, ১০ আৰু ১০ হেজাৰ টকা । মুঠ প্ৰাইজমানি ৮৫,০০০ টকা । চলিত বছৰৰ পৰা আৰম্ভ হ’ব মহিলাৰ স্পৰ্টছ মডেল ফিজিক “ছাই বিকাশ মিছ শৰাইঘাট ’’ চেম্পিয়নশ্বিপ । ইয়াৰ প্ৰথম দুটা স্থানপ্ৰাপ্তসকলে ক্ৰমে ৩০ আৰু ২০ হেজাৰ টকা লাভ কৰিব । তৃতীয়ৰ পৰা পঞ্চম স্থানপ্ৰাপ্তসকলে লাভ কৰিব ১০ হেজাৰ টকাকৈ । ইয়াৰ মুঠ প্ৰাইজমানি হ’ব ৮০ হেজাৰ টকা । ইতিমধ্যে ক্ৰীড়ামন্ত্ৰী বিমল বৰাক মূখ্য পৃষ্ঠপোষক, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক মূখ্য উপদেষ্টা, কিশোৰ জয়ন্ত মাধৱক সভাপতি আৰু ভৱজ্যোতি গোস্বামীক সম্পাদকৰূপে লৈ এখন আয়োজক সমিতি গঠন কৰা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments