Wednesday, September 28, 2022
HomeNewsমহেন্দ্ৰ চৱনৰ মিঃ শৰাইঘাট খিতাপ অৰ্জন : স্পৰ্টছ মডেলৰ শীৰ্ষত সাঞ্জনা

মহেন্দ্ৰ চৱনৰ মিঃ শৰাইঘাট খিতাপ অৰ্জন : স্পৰ্টছ মডেলৰ শীৰ্ষত সাঞ্জনা

অলিম্পিয়া প্ৰতিবেদন

মিঃ শৰাইঘাটত জিলিকিল মহাৰাষ্ট্ৰৰ শৰীৰচৰ্চাবিদ । মহেন্দ্ৰ চৱনৰ মিঃ শৰাইঘাটৰ খিতাপ অৰ্জন । মিছ শৰাইঘাট স্পৰ্টছ শীৰ্ষত আৰোহণ উত্তৰ প্ৰদেশৰ সাঞ্জানা ।

শনিবাৰে সন্ধিয়া গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত এক অনন্য পৰিবেশ । দেশৰ কেইবাগৰাকীও আগশাৰীৰ শৰীৰ চৰ্চাবিদে ভীৰ কৰিলে গুৱাহাটীত । লক্ষ্য সৰ্বভাৰতীয় দেহশ্ৰী প্ৰতিযোগিতা মিঃ শৰাইঘাটত ক্ৰীড়া প্ৰদৰ্শন । অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছচিয়েচনৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ পৰাও অংশ ললে ৯ গৰাকী খেলুৱৈয়ে । অসম দলটোত আছিল নৱজিৎ দাস, দিলীপ দেউৰী, শুভদ্বীপ বৈদ্য, দীপাঞ্জল মিত্র আৰু উৎপল দাস । ইফালে নতুনকৈ সংযোগ হোৱা স্পৰ্টছ মডেলত দেখা পোৱা গল বৰ্ণালী বসুমতাৰী, ৰুবিনা দেৱী, ছায়া বৰুৱাক। অসমৰ লগতে ৰাজ্যসমূহৰ পৰা দুৰ্দান্ত শৰীৰচৰ্চাবিদৰ প্ৰদৰ্শনে মোহিলে উপস্থিত দৰ্শকক ।

৩৩ সংখ্যক মিঃ শৰাইঘাট খিতাপ অৰ্জন কৰিলে মহাৰাষ্ট্ৰৰ শৰীৰচৰ্চাবিদ মহেন্দ্ৰ চৱনে । বিজয়ী মুকুট পিন্ধি মহেন্দ্ৰৰ মুখত বিৰিঙিল উল্লাসৰ হাঁহি । ইফালে দ্বিতীয় স্থান দখল কৰিলে পঞ্জাৱৰ হৰদ্বীপ সিঙে ।সেইদৰে তৃতীয় স্হানত অসমৰ শুভদ্বীপ বৈদ্য, ,।
আনহাতে, প্ৰথমবাৰৰ বাবে মহিলাৰ বাবে অনুষ্ঠিত হ’ল ‘স্পৰ্টছ মডেল’ ফিজিক চেম্পিয়নশ্বিপ । উত্তৰ প্ৰদেশৰ সাঞ্জানাই সুন্দৰ প্ৰদৰ্শনৰে দৰ্শকক আমোদ দিয়াৰ লগতে মহিলাৰ এই ইভেন্টত আজুৰি আনিলে শ্ৰেষ্ঠত্ব । সাঞ্জনাই দখল কৰিলে স্পৰ্টছ মডেলৰ শীৰ্ষ খিতাপ । পিছপৰি নাথাকিল অসমৰ মহিলা শৰীৰচৰ্চাবিদ বৰ্ণালী বসুমতাৰী । ৰাৰ্ণাছ আপৰ সন্মান জিলিকিল বৰ্ণালীৰ শিৰত । লগতে অসমৰ ৰুবিনা ই তৃতীয়, অসমৰ ছায়া বৰুৱাই চতুৰ্থ আৰু মহাৰাষ্ট্ৰৰ নিছৰিণ পাৰিখে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ।লগতে চতুৰ্থ সংখ্যক মিঃ শৰাইঘাট অসমত শ্ৰেষ্ঠ যোৰহাটৰ শুভদ্বীপ, দ্বিতীয় নৱজিৎ দাস, তৃতীয় দিপাঞ্জল মিত্র,চতুৰ্থ কেশৰ আলি, পঞ্চমত বৰপেটাৰ দিলীপ দেওৰী।

উল্লেখযোগ্য যে, এই উন্নত মানৰ দেহশ্ৰী প্ৰতিযোগিতাখনত উপস্থিত থাকিল পদ্মশ্ৰী প্ৰেমচান্দ ডোগ্ৰা । এক সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে উদ্যোক্তাক জনালে ধন্যবাদ ।

খেলখন পৰিচালনা কৰিবলৈ অসমলৈ আহিল ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদিকা হীৰল শ্বেঠ । প্ৰতিযোগিতাখনৰ সফলতা কামনা কৰিলে তেওঁ ।

মিঃ শৰাইঘাটৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসমৰ ক্ৰীড়া মন্ত্রী বিমল বৰা । এনে প্ৰতিযোগিতাৰ জৰিয়তে খেলুৱৈসকলে এক সুস্থ দেহ পোৱাৰ লগতে শৰীৰচৰ্চাই অসমত অধিক জনপ্ৰিয়তা লাভ কৰিব বুলি আশাবাদী মন্ত্রী গৰাকী ।

ইফালে এই প্ৰতিযোগিতা সন্দৰ্ভত মন্তব্য কৰে উদ্যোক্তাৰ হৈ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক তথা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামীয়ে । এই প্ৰতিযোগিতাখন উপভোগ্য হোৱা বুলি মন্তব্য কৰিলে গোস্বামীয়ে ।

এনেদৰেই ৩৩ টা বৰ্ষত ভৰি দিয়া মিঃ শৰাইঘাট সৰ্বভাৰতীয় প্ৰতিযোগিতাখনৰ সফল সামৰণি ঘটিল । ক্ৰীড়া অনুৰাগীৰ আশা –অসমৰ শৰীৰচৰ্চাবিদৰ বিজয়যাত্রা সুদুৰপ্ৰসাৰী হওক । বিশ্ব ক্ৰীড়াঙ্গনত দপদপাই থাকক অসমৰ শৰীৰচৰ্চাবিদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments