Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত সৰ্বভাৰতীয় আমন্ত্রণমূলক দেহশ্ৰী প্ৰতিযোগিতা মিঃ শৰাইঘাট :সাজু অসমৰ শৰীৰচৰ্চাবিদ

গুৱাহাটীত সৰ্বভাৰতীয় আমন্ত্রণমূলক দেহশ্ৰী প্ৰতিযোগিতা মিঃ শৰাইঘাট :সাজু অসমৰ শৰীৰচৰ্চাবিদ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীত সৰ্বভাৰতীয় আমন্ত্রণমূলক দেহশ্ৰী প্ৰতিযোগিতা । মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতাত সমাবেশ ঘটিব ৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদৰ। সাজু অসম টীম ।

৩৩ বৰ্ষত ভৰি দিলে মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতাই । ১৯৯০ চনতে আৰম্ভ হোৱা প্ৰতিযোগিতাখনে ক্ৰমে ৰাজ্যিক, উত্তৰ পূৰ্বাঞ্চল,পূব ভাৰতক সাঙুৰি লোৱাৰ পাছত বৰ্তমান সময়ত অনুষ্ঠিত হয় সৰ্বভাৰতীয় পৰ্যায়ত । এখন উন্নত মান সম্পন্ন দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম । অহা মাহৰ ২ এপ্ৰিলত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৩৩ সংখ্যক ইণ্ডিয়া ক্লাচিক বডি বিল্ডিং চেম্পিয়নশ্বিপ– মিষ্টাৰ শৰাইঘাট । আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছচিয়েচনৰ সহযোগত জীপাল হ’ব এই প্ৰতিযোগিতাখন । এই কথা জনালে অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক তথা ভাৰতীয় ভাৰোত্তোলন ফেডাৰচনৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামীয়ে । বৃহস্পতিবাৰে হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হয় এই সন্দৰ্ভত এক সংবাদমেল ।

লগতে অসমৰ খেলুৱৈৰ বাবে অনুষ্ঠিত হ’ব চতুৰ্থ সংখ্যক মিষ্টাৰ শৰাইঘাট আছাম–২০২২ ।

ইয়াৰ লগতে মহিলাসকলক উৎসাহিত কৰিবৰ বাবে স্পৰ্টছ মডেল শীৰ্ষক ইভেন্ট ৰাখিছে উদ্যোক্তাই । প্ৰথমবাৰৰ বাবে শৰাইঘাটত সংযোগ কৰা হৈছে এই ইভেন্ট ।

ইতিমধ্যে সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ বাবে আমন্ত্রণ কৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ৩০-৪০ গৰাকী শৰীৰচৰ্চাবিদক । অসমৰ দলটোও কৰা হৈছে ঘোষণা । বডি বিল্ডিঙৰ অসম দলটোত থাকিব -নৱজিৎ দাস, দিলীপ দেউৰী, শুভদ্বীপ বৈদ্য, দীপাঞ্জল মিত্র ,কেশৰ আলি, উৎপল দাস ।আনহাতে, স্পৰ্টছ মডেল হিচাপে দেখা পোৱা যাব বৰ্ণালী বসুমতাৰী, ৰুবিনা দেবী আৰু ছায়া বৰুৱাক ।

সৰ্বভাৰতীয় মিষ্টাৰ শৰাইঘাটৰ শ্ৰেষ্ঠ ১০ গৰাকীৰ বাবে মূল্য ধাৰ্য কৰা হৈছে- ৫ লাখ ৮৫ হেজাৰ টকা । সেইদৰে, মিষ্টাৰ শৰাইঘাট আছামৰ বাবে ধনৰাশি হ’ল- ৮৫ হেজাৰ টকা ।

আনন্দৰ কথাটো হ’ল যে এই প্ৰতিযোগিতাখনত উপস্থিত থাকিব -পদ্মশ্ৰী তথা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰেমচান্দ ডোগ্ৰা, ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক স্পৰ্টছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক চেতন পাথাৰে, ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক হীৰল শ্বেঠ আদি । এইসকল সৰ্বভাৰতীয় পৰ্যায়ৰ লোকে খেল খন কৰিব পৰিচালনা ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমত মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা সাফল্যমণ্ডিত হৈ উঠক । সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠক অসমৰ শৰীৰচৰ্চাবিদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments