গুৱাহাটীত হৈ যোৱা সদ্য সমাপ্ত তৃতীয় সংখ্যক খেল’ ইণ্ডিয়াত অসমৰ এজন খেলুৱৈয়ে গঢ়িলে এক ৰেকৰ্ড। উডীয়মান খেলুৱৈগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশ লয় দুটাকৈ খেলত। ভাৰতৰ ক্ৰীড়া ইতিহাসত আজিলৈ কোনো খেলুৱৈয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এনেদৰে দুটাকৈ খেলত ভাগ লোৱাৰ নজিৰ নাই। ল’ৰাজন তেজপুৰৰ। নাম মৃত্যুঞ্জয় মহন্ত। মাতৃও আছিল এগৰাকী ভলীবল খেলুৱৈ। সাত বছৰ বয়সতেই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰা সেই মৃত্যুঞ্জয়েই এইবাৰ খেল’ ইণ্ডিয়াত ভাগ ল’লে ভলীবল আৰু সাঁতোৰ উভয় খেলতে। ৯ বছৰ বয়সৰ পৰা ভলীবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ১৬ বছৰীয়া মৃত্যুঞ্জয়ে ১৭ বছৰ অনুৰ্ধ অসম ভলীবল দলটোৰো অধিনায়ক। ভলীবলৰ সমান্তৰালকৈ মৃত্যুঞ্জয়ে সাঁতোৰৰো প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্কুল গেমছত পোন প্ৰথমবাৰৰ বাবে সাঁতোৰত ভাগ লয় মৃত্যুঞ্জয়ে। ইয়াৰ পিছত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰত অনুৰ্ধ ১৪ বছৰত ৫০ আৰু ১০০ ব্ৰেষ্ট ষ্ট্ৰোকত সোণ আৰু ২০০ মিটাৰত ৰূপ বুটলিবলৈ সক্ষম হয়।।

২০২০ ৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত খেল’ ইণ্ডিয়াত অসমৰ ভলীবল দলৰ বাছনিত অংশ লৈ পুনৰ মৃত্যুঞ্জয় ভলীবলৰ পথাৰলৈ উভতি আহে। অনুৰ্ধ ১৭ বছৰৰ অসম দলটোৰ নেতৃত্ব দি কোৱাৰ্টাৰ ফাইনেললৈকে আগুৱাই যায়। তাৰ লগতে সাঁতোৰৰ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকতো অংশ লয় মৃত্যুঞ্জয়। অৱশ্যে সাঁতোৰত সফল হ’ব নোৱাৰিলে উদীয়মান ক্ৰীড়াবিদগৰাকীয়ে।

মৃত্যুঞ্জয়ৰ সমুখত বৰ্তমান আছে এপ্ৰিলত গুজৰাটত হ’বলগীয়া ‘ছাই’ৰ বাছনি প্ৰক্ৰিয়া। এই বাছনিত নিৰ্বাচিত হলে ক্ৰীড়াত ভৱিষ্যত গঢ়িবলৈ ছাই কেন্দ্ৰত যোগ দিয়াৰ সুযোগ পাব প্ৰতিভাবান খেলুৱৈগৰাকীয়ে। মৃত্যুঞ্জয়ৰ সপোন অলিম্পিকত স্বৰ্ণ জিকি অহাৰ। ছাই’ত প্ৰশিক্ষণ গ্ৰহণ কৰিলে নিশ্চয় মৃত্যুঞ্জয়ৰ সেই সপোনো এদিন পূৰণ হ’ব।