Sunday, October 2, 2022
HomeNewsআই পি এলৰ প্ৰাকক্ষণত মাহিয়ে ললে আশ্বৰ্যকৰ সিদ্ধান্ত

আই পি এলৰ প্ৰাকক্ষণত মাহিয়ে ললে আশ্বৰ্যকৰ সিদ্ধান্ত

অলিম্পিয়া প্ৰতিবেদন

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব লগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ প্ৰথম খন মেচতে খেলপথাৰত নামিব বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ হাৰ্টথ্ৰব মহেন্দ্ৰ সিং ধোনী । চেন্নাই ছুপাৰ কিংছৰ সকলো অনুৰাগীয়ে ইয়াৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষাত আছে । আকৌ এবাৰ আই পি এলৰ বিজয়ী ট্ৰফী কেপ্তেইন কুলে প্ৰদান কৰক চেন্নাইক । সেয়া কিমান দূৰ সম্ভৱ সময়ে ক’ব । কিন্তু আই পি এল আৰম্ভণিৰ প্ৰাকক্ষণত অনুৰাগীক আচৰিত কৰি কৰিলে আশ্বৰ্যকৰ ঘোষণা । চেন্নাই ছুপাৰ কিংছক আৰু নেতৃত্ব প্ৰদান নকৰে কেপ্টেইন কুল মাহি ওৰফে ধোনীয়ে । তেওঁৰ ঠাইত নেতৃত্বৰ দায়িত্ব দিলে ৰবীন্দ্ৰ জাডেজাক । তাৎক্ষণিকভাৱে লোৱা মাহিৰ এই সিদ্ধান্তক মানি ল’ব পৰা নাই তেওঁৰ অনুৰাগীয়ে । এইবাৰ নেতৃত্বৰে নহয়, খেলুৱৈ হৈ নামিব ধোনী । তেওঁৰ নেতৃত্বত ৪ বাৰকৈ চেন্নাই ছুপাৰ কিংছ দলে আই পি এলত চেম্পিয়ন হ’বলৈ সক্ষম হৈছে । মাহিৰ নেতৃত্বত জয়ৰ হাৰ আছিল ৫৯.৯ শতাংশ । মাহিৰ নেতৃত্ব অবিহনে ইয়েল্ল আৰ্মিক চেম্পিয়নৰ খিতাপ প্ৰদান কৰিব পাৰিবনে নতুন অধিনায়ক ৰবীন্দ্ৰ জাদেজাই ? জাৰ্চী নাম্বাৰ ৭ তে স্টাম্পৰ পাছৰ পৰা কেতিয়াও নেতৃত্ব প্ৰদান কৰা দেখিবলৈ নাপাব অনুৰাগীয়ে । ক্ৰিকেট ইতিহাসত নেতৃত্বৰ এক বৰ্ণিল অধ্যায় সামৰণি পৰিল মহেন্দ্ৰ সিং ধোনীৰ । প্ৰথমে ভাৰতীয় টেষ্ট দল আৰু পৰ্যায়ক্ৰমে এদিনীয়া, টি-২০ ক্ৰিকেটত সফলভাৱে টীম ইণ্ডিয়াক নেতৃত্ব দিয়া ধোনীয়ে আই পি এলৰ চেন্নাই দলৰ নেতৃত্বৰ গুৰুভাৰ চম্ভালি আছিল যদিও তেওঁৰ এই শেহতীয়া ঘোষণাত অনুৰাগীসকল স্তম্ভিত হৈছে । ইয়াৰ লগে লগে সামৰণি পৰিল মাহি নামেৰে খ্যাত ক্ৰিকেটাৰজনৰ এক বৰ্ণিল অধ্যায়ৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments