Monday, October 3, 2022
HomeNewsঅনুৰাগীৰ পৰা ধোনিক সুৰক্ষা দিয়া কোন এই স্বপ্না ভাবনানি

অনুৰাগীৰ পৰা ধোনিক সুৰক্ষা দিয়া কোন এই স্বপ্না ভাবনানি

চেলিব্ৰেটি সকলৰ বডিগাৰ্ডৰ বিষয়ে আপুনি নিশ্চয় অৱগত। চেলিব্ৰেটিসকলক তেওঁলোকৰ বডাগাৰ্ড সকলে সকলো সময়তে সুৰক্ষা দি ৰাখে। আনকি আৰক্ষীৰ আৱেষ্টনিৰ মাজত থাকিলেও এই চেলিব্ৰেটি সকলক তেওঁলোকৰ বডিগাৰ্ড সকলে সুৰক্ষা প্ৰদান কৰে। কাৰণ বহু সময়ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়েও চেলিব্ৰেটিসকলৰ লগত ফটো উঠিবলৈ, অটোগ্ৰাফ লবলৈ গৈ চেলিব্ৰেটিসকলক ব্যতিব্ৰষ্ট কৰি তোলে। শেহতীয়াকৈ এনে এগৰাকী বডিগাৰ্ডক লৈ সৰৱ চৰ্চা চলিছে। কাৰণ এই বডিগাৰ্ড গৰাকী প্ৰকৃততে সেই চেলিব্ৰেটি গৰাকীৰ বডিগাৰ্ডৰ পৰিবৰ্তে হেয়াৰষ্টাইলিষ্ট হে আছিল। কিন্তু এই গৰাকী হেয়াৰষ্টাইলিষ্টে শেহতীয়াকৈ বডিগাৰ্ডৰ ৰুপ লৈছে।

ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ তথা পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ হেয়াৰষ্টাইলিষ্ট স্বপ্না ভাবনানি। মহেন্দ্ৰ সিং ধোনিৰ চুলিৰ যতন লোৱাৰ পৰা নতুন নতুন ৰূপ দিয়ালৈ সকলো কৰে এই ভাবনানিয়ে। কিন্তু শেহতীয়াকৈ ধোনিৰ হেয়াৰষ্টাইল কৰাৰ উপৰিও ধোনিৰ সুৰক্ষাৰ উপৰতো গুৰুত্ব প্ৰদান কৰিছে ভাবনানিয়ে। পেচাত ধোনিৰ হেয়াৰ ষ্টাইলিষ্ট হলেও ভাবনানি ধোনিৰ এগৰাকী দীৰ্ঘদিনৰ বান্ধৱী। সেয়ে হয়তো ধোনিৰ সকলো দিশৰ উপৰতেই গুৰুত্ব প্ৰদান কৰিছে ভাবনানিয়ে।

মহাৰাষ্ট্ৰৰ থানেত এক বিশেষ অনুষ্ঠানত ভাগ লবলৈ গৈছিল ধোনি। অনুষ্ঠানটোত আৰক্ষী নিয়োগ কৰাৰ উপৰিও ধোনিৰ ব্যক্তিগত সুৰক্ষা কৰ্মীও আছিল। অনুষ্ঠানটোতলৈ যোৱাৰ সময়ত স্বপ্না ভাবনানিয়েও ধোনিৰ সংগ দিছিল। থানেৰ সেই বিশেষ অনুষ্ঠানটোলৈ যাওতে স্বাভাৱিকতেই ধোনিক তেওঁৰ অনুাৰগীয়ে ওচৰৰ পৰা চুবলৈ, চাবলৈ বিচাৰিছিল। তেতিয়াই ধোনিৰ হেয়াৰষ্টাইলিষ্ট স্বপ্না ভাবনানিয়ে এগৰাকী বডিগাৰ্ডৰ দৰে ধোনিক আগুৱাই নিয়া পৰিলক্ষিত হৈছিল। এই দৃশ্য পোহৰলৈ আহিছে স্বপ্না ভাবনানিয়ে ইনষ্টাগ্ৰাত াপলোড কৰা এক ভিডিঅ’ৰ জৰিয়তে। সেই অনুষ্ঠানটোত ভাবনানিয়ে কিদৰে ধোনিৰ বডিগাৰ্ডৰ ভূমিকা লৈছিল সেই দৃশ্য ভাবনানিয়ে নিজেই চেয়াৰ কৰিছে। লগতে তেওঁ লিখিছে এইদৰে ‘90% Security 10% Hair 500% Fangirl’

https://www.instagram.com/p/B8t2f9MB_3P/?utm_source=ig_web_copy_link
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments