Friday, September 30, 2022
HomeNewsখেল পথাৰ এৰি খেতিপথাৰত কি কৰিছে ধোনীয়ে?

খেল পথাৰ এৰি খেতিপথাৰত কি কৰিছে ধোনীয়ে?

দীৰ্ঘদীন ধৰি খেল পথাৰৰ পৰা আতৰি থকা ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক এইবাৰ দেখিবলৈ পোৱা গৈছে খেতি পথাৰত। খেল পথাৰৰ পৰা বাহিৰত থকাৰ সময়ছোৱাত মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় সেনাৰ লগত কিছুদিন সময় অতিবাহিত কৰিছিল।

খেলপথাৰৰ পৰা দীৰ্ঘদীনধৰি বাহিৰত থকাৰ বাবেই বিভিন্নসময়ত ধোনীৰ অৱসৰৰ বিষয়টোক কেন্দ্ৰ কৰি বিভি্ন্ন বাতৰি প্ৰকাশ পাই আহিছে। শেহতীয়াকৈ ধোনী পুনৰ মাৰ্চ মাহত খেলপথাৰলৈ উলটি আহিব বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। যিহেতু মাৰ্চৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল। সেই অনুসৰি ধোনীক তেওঁৰ অনুৰাগীসকলে মাৰ্চ মাহত পুনৰ খেল পথাৰত দেখিবলৈ পাব।

শেহতীয়াকৈ এইগৰাকী ক্ৰিকেটাৰক খেলপথাৰৰ পৰিবৰ্তে খেতিপথাৰত হে দেখিবলৈ পোৱা গৈছে। ধোনীৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে ধনী খেতিপথাৰত থকাৰ দৃশ্য ৰাজহুৱা কৰা হৈছে। বুধবাৰে ফেচবুক পেজত প’ষ্ট কৰা এই ভিডিঅ’টোত ক্ৰিকেটাৰ ধোনীক জৈৱিক কৃষি পাম (Organic Farming) ৰ আৰম্ভণি কৰা দেখা গৈছে । লগতে খেতিৰ আৰম্ভণিৰ সময়ত ধোনীক পৰম্পৰাগত ভাৱে পূজা-অৰ্চনা কৰাও দেখা গৈছে ।

ধোনীৰ এই প’ষ্টটোত লিখিছে- “ৰাচীত ২০ দিনত জৈৱিক পদ্ধতিৰে এখন তৰমুজ আৰু অমিতাৰ খেতি আৰম্ভণি কৰিছো, এইবাৰ বহুত উৎসাহিত হৈছো ।”

https://www.facebook.com/MSDhoni/videos/2628703237257390/?t=9
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments