অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীৰ অন্য ৰূপ । ধোনীৰ ফাৰ্ম হাউচ ফলে-ফুলে জাতিস্কাৰ । চেল্ফি পইন্টত পৰিণত ধোনীৰ সৰিয়হ খেতিৰ বিশাল বাগান । চৌদিশে কেৱল হালধীয়া ।
বিশ্ব ক্ৰিকেটৰ অন্য এক চাঞ্চল্যৰ নাম মহেন্দ্ৰ সিং ধোনী অৰ্থাৎ মাহী। এই গৰাকীৰ অধিনায়কত্ব বা বেটিং শৈলীয়ে মোহাচ্ছন্ন কৰি ৰাখিছে দেশ-বিদেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীক । পিছে এই গৰাকী ক্ৰিকেটাৰৰ আছে বিশাল ফাৰ্ম হাউচ । ইয়াতে আজৰি সময় অতিবাহিত কৰিছিল মাহীয়ে । বিগত কভিড পৰিস্থিতিৰ সময়তো তেওঁক পত্নী সাক্ষী অথবা সন্তান জিভাসহ দেখা গৈছিল এই ফাৰ্ম হাউচত । জিভাই এই ফাৰ্ম হাউচত কিদৰে উমলিছিল সেয়া হয়তো সকলোৱে দেখিছে ।
ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ চাম্বোত আছে ধোনীৰ ৪৩ একৰ ফাৰ্ম হাউচ । সময়ে সময়ে জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকীয়ে ফাৰ্ম হাউচত অতিবাহিত কৰা ফটো বা ভিডিও চেয়াৰ কৰি আহিছে । শেহতীয়াকৈ ধোনীৰ ইষ্ট্ৰাগ্ৰামত ষ্ট্ৰবেৰী খেতিৰ এক ভিডিঅ বহু মানুহে প্ৰত্যক্ষ কৰিছে ।
কি নাই এই ফাৰ্ম হাউচত ! ফল-মূল বাহিৰেও আছে ইনড’ৰ ষ্টেডিয়াম,ছুইমিং পুল, আধুনিক জীম, অনুশীলন খেলপথাৰ, ইত্যাদি ।
ইয়াৰ মাজতে ৪৩ একৰ মাটিত বিয়পি থকা সৰিয়হৰ খেতিয়েও মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । এই ফটোখন কিছুদিনৰ পূৰ্বৰ । কৃষি পৰামৰ্শদাতা ৰোচনৰ সৈতে সৰিয়হ ফুলৰ মাজত দেখা গৈছে মহেন্দ্ৰ সিং ধোনীক । মুখত এটি সুন্দৰ হাঁহি লৈ ফটোত প’জ দিছে এইদৰে ।বৰ্তমান এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে । ক্ৰীড়াপ্ৰেমীৰ মাজত ইয়াকে লৈ চলিছে বহু গুণা গথা। ২২ গজৰ যুজঁৰ পৰা যেন ৪৩ একৰত ছিক্সাৰ মাৰিছে ধোনীয়ে । খেলৰ গভীৰ ব্যস্ততা ভৰা জীৱনত এইদৰে অৱসাদ দূৰ কৰিছে ভাৰতীয় অনুৰাগীৰ নয়নৰ মণি মহেন্দ্ৰ সিং ধোনীয়ে । সঁচাই অনন্য মাহী ।