শ্ৰেষ্ট কোন- মহম্মদ আলী নে ৰবিনছন?

অলিম্পিয়া প্রতিবেদন

Float like a butterfly and Sting like a bee– এই বাক্যকেই সাৰোগত কৰি বিশ্ব বক্সিঙক শাসন কৰিছিল মহম্মদ আলীয়ে৷ বক্সিঙৰ কিংবদন্তী মহম্মদ আলী৷ সৰ্বকালৰ শ্ৰেষ্ঠ বক্সাৰ৷ তাত কাৰো সন্দেহ নাই৷ কিন্তু আগশাৰীৰ বক্সিং আলোচনী পজিলিষ্টে প্ৰকাশ কৰা শেহতীয়া তালিকাখনে এই ক্ষেত্ৰত আউল লগাইছে৷ আলোচনীখনে পঢ়ুৱৈৰ বিবেচনাৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰ সকলৰ এখন ৫০ জনীয়া তালিকা প্ৰস্তুত কৰিছে৷ তালিকাখন হয়তো বহুতৰে পচন্দ ন’হব৷ সৃষ্টি হ’ব বিতৰ্কৰ৷ কাৰণ পজিলিষ্টৰ তালিকাখনৰ শীৰ্ষত মহম্মদ আলী নহয়৷ তাৰ সলনি স্থান পাইছে ছুগাৰ ৰবিনচনেহে৷

ৰবিনছনৰ বক্সিঙ কেৰিয়াৰ ৰহস্য আৰু বিতৰ্কৰে ভৰা৷ ১৯৪০ চনৰ পৰা ১৯৬৫ চন পৰ্যন্ত বক্সিং ৰিঙত যুঁজ দিছে ৰবিনছনে৷ কিন্তু তেনে বহু যুঁজৰ কোনো তথ্য নাই নতুবা নিৰ্ভৰযোগ্য নহয়৷ অৱশ্যে ১৯৪৩ চনৰ পৰা ১৯৫১ বক্সিং ৰিঙৰ ৯১ খন যুঁজত পৰাজিত তেওঁ৷ ৰবিনছন ইতিহাসৰ এজন অন্যতম শ্ৰেষ্ঠ বক্সাৰ৷ ইয়াত কাৰো সন্দেহ নাই৷ আলোচনীখনৰ তালিকাত তেওঁ কেৱল মহম্মদ আলীকেই নহয় পিছ পেলাইছে বহু নামী দামী বক্সাৰক৷ কিন্তু তালিকাখন চালে হয়তো খঙত ফাটি পৰিব মাইক টাইছন৷ বক্সিং অনুৰাগীৰ মতে টাইছন ইতিহাসৰ শ্ৰেষ্ঠ বক্সাৰ৷ কিন্তু তালিকাখনৰ পৰা কোনো মতেহে বাদ নপৰিল টাইছনৰ নাম৷ আছে ৪৯ নম্বৰত৷ ১১ নম্বৰত আছে মানি পাকুয়াত ১৪ নম্বৰত জজ ফৰমেন৷ ১৭ নম্বৰত লেন লুইছ৷ তালিকাৰ পৰা বাদ পৰিছে অতীত আৰু বৰ্ত্তমানৰ বহু নামী দামী বক্সাৰ৷ ১৯২০ চনৰ ডিচেম্বৰত জন্ম৷ ৰবীনছনৰ কেৰিয়াৰত ২০০ খন মেচ খেলি জয়লাভ কৰিছে ১৮৯ খন৷ সঁচাকৈয়ে এক ইৰ্ষণীয় কেৰিয়াৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *