অলিম্পিয়া প্ৰতিবেদন
চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্ৰিকেটৰ বি গ্ৰুপত ১৬ পইণ্টেৰে বংগই শীৰ্ষ স্হান লাভ কৰাৰ বিপৰীতে সমপৰিমানৰ পইণ্টেৰে কৰ্ণাটকে দ্বিতীয় স্হানত থাকে । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত মঙলবাৰে বংগই ৭ উইকেটত পৰাস্ত কৰে কৰ্ণাটকক । কৰ্ণাটকে ৮ উইকেটত কৰা ১৩৪ ৰাণৰ বিপৰীতে অভিমন্যূ ঈশ্বৰণৰ ৫১ ৰাণৰ সহায়ত বংগই ১৮ অভাৰত ১৩৮ ৰাণ কৰি বিজয়ী হয় । ইফালে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ছত্তিশগড়ে ছাৰ্ভিচেছৰ বিৰুদ্ধে ৩৫ ৰাণত জয়ী হয় । শশাংক চন্দ্ৰকাৰৰ ৬৭ আৰু সঞ্জিত দেশাইৰ ৬২ ৰাণেৰে ছত্তিশগড়ে ৩ উইকেটত কৰা ১৭৬ ৰাণৰ প্ৰত্যুত্তৰত অপেনাৰ ৰাহুল গেহলটৰ ৬৪ ৰাণ সত্ত্বেও ছাৰ্ভিচেছ দলে ১৯.৫ অভাৰত ১৪১ ৰাণতে ইনিংছ সামৰে । বিজয়ী দলৰ শুভম আগৰৱালাই ৫ টা উইকেট দখল কৰে । আন এখন মেচত বৰোদাৰ বিৰুদ্ধে মুম্বাই দলে ৮২ ৰাণত জয়লাভ কৰে । পৃথ্বী শ্বৰ ৮৩ আৰু অধিনায়ক অজিংক্য ৰাহানেৰ ৭১ ৰাণেৰে মুম্বাই দলে ২ উইকেটত কৰা ১৯৩ ৰাণৰ বিপৰীতে বৰোদাই ৯ উইকেটত কৰে মাত্ৰ ১১১ ৰাণ । ইয়াৰ লগে লগে গুৱাহাটীত চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি পৰিল ।