Tuesday, October 4, 2022
HomeNewsতুমিয়েই মোৰ মন্দিৰ, তুমিয়েই মোৰ গুৰুদ্বাৰ, তুমিয়েই মোৰ মছজিদ, তুমিয়েই মোৰ উপাষনাৰ...

তুমিয়েই মোৰ মন্দিৰ, তুমিয়েই মোৰ গুৰুদ্বাৰ, তুমিয়েই মোৰ মছজিদ, তুমিয়েই মোৰ উপাষনাৰ স্থলি

” जीने के लिये तेरा एक अरमान ही काफी,
दिल की कलम से लिखी ये दास्तान ही काफी है,
तीरों-तलवार की तुझे क्या जरुरत है हसीना,
क़त्ल करने के लिये तेरी मुस्कान ही काफी है। “

হয়, প্ৰিয় জনে যদি আপোনাৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰে তেনে আপোনাক হত্যা কৰিবলৈ তৰুৱালৰ কিয় প্ৰয়োজন? মিচিকিয়া এটা হাঁহিতেইটো ক্লিন ব’ল্ড হৈ যাই সকলো। ক্লিন ব’ল্ড হৈছিল শচীন, বিৰাট আৰু….

পাটিয়ালা মেডিকেল কলেজৰ সেই ধুনীয়া ছোৱালীজনীক এবাৰ মাত্ৰ চাবলৈয়ে ঘণ্টা ঘণ্টা ধৰি ৰৈ আছিল তেওঁ। মেডিকেল কলেজৰ পোচাক যোৰ পিন্ধি তাই আহিব, আহি এটা মিচিকিয়া হাঁহি মাৰিব আৰু তেওঁলৈ চাব। কিমান যে হেপাঁহ!

যাৰ হাঁহিৰ আচল ধৰি দৌৰি ফুৰিছিল নৱজিত সিং সিদ্ধু

जोड़ने वाले को मान मिलता है
तोड़ने वाले को अपमान मिलता है,
और जो खुशियाँ बाँट सके उसे सम्मान मिलता है

পাটিয়ালাৰ এখন বিশেষ হোটেলৰ কাষত আছিল নৱজিত কৌৰৰ ঘৰখন। যিখন হোটেলত এসময়ত ফ্ৰীতে বহুতেই চিকেন খাবলৈ পাইছিল। যিগৰাকীয়ে সেই ফ্ৰী চিকেন যোগাৰ ধৰিছিল তেওঁ এজন প্ৰেমিক আছিল। প্ৰেমত পৰিছিল ধুনীয়া হাঁহিৰ গৰাকী সেই ধুনীয়া নৱজিত কৌৰ নামৰ ছোৱালীজনীৰ। অথচ নৱজিত কৌৰে জনাই নাছিল তেওঁৰ প্ৰেমত পৰি কোনোবাই যে ফ্ৰীতে ৰাইজক চিকেন খুৱাই আছে।

পাটিয়ালা মেডিকেলৰ এম বি বি এছৰ ছাত্ৰী নৱজিত কৌৰৰ প্ৰেমত পৰি হাবু দুবু খোৱা এই প্ৰেমিকজন আন কোনো নহয় তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ নৱজিত সিং সিদ্ধু।

দুই প্ৰেমিক যুগল

मंजिले उनको मिलती है
जिनके सपनों में जान होती है
पंखो से कुछ नहीं होता
हौसलों से उड़ान होती है

বহুদিন বহুতক ফ্ৰীতে চিকেন খুওৱাৰ পিছত সিদ্ধুৰ সেই অপেক্ষাই কামত দিলে। নৱজিত কৌৰে অনুভৱ কৰিলে ল’ৰা এটাই সদায় তেওঁক ৰৈ ৰৈ চাই থাকে। অৱশ্যে মেডিকেলৰ ছাত্ৰী নৱজিত কৌৰে এই কথাত কিছু অস্বস্তিহে পালে। বহু দিন ৰৈ ৰৈ অৱশেষত নৱজিত সিং সিদ্ধুৱে নৱজিত কৌৰক সুযোগ বুজি কৈদিলে ভালপোৱাৰ কথা, প্ৰেমত পৰাৰ কথা। কিন্তু সিদ্ধুৰ সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰি টান কথাহে শুনালে নৱজিত কৌৰে। মেডিকেলৰ ছাত্ৰী নৱজিত কৌৰৰ ধাৰণা আছিল ডাক্তৰে ডাক্তৰৰ লগত হে বিবাহত বহিব লাগে। সেই সময়লৈকে আকৌ সিদ্ধুক ভালকৈ চিনিয়েই নাপাইছিল নৱজিত কৌৰে। প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলেও কিন্তু নৱজিত সিং সিদ্ধু এৰি দিয়া ভকত নাছিল। কেৱল মিচিকিয়া হাঁহিৰ মুখখন চাবলৈকে বহুদিন বহুতক চিকেন খুৱাই থাকিব পাৰা ল’ৰাটোৱে ইমান সহজতে কিয়নো এৰিব?

तेरा पिसा में सोरोंगा नेही साहे भेजदे मुझे जेल…. এই বুলিয়েই সিদ্ধুেৱ সদায়েই নৱজিত কৌৰৰ অনুসৰন কৰিবলৈ ধৰিলে। আগে আগে নৱজিত কৌৰ মেডিকেল কলেজলৈ যায় আৰু পিছে পিছে সিদ্ধুৱে ‘হা কৰদৌ’, ‘হা কৰদৌ’ বুলি আগুৱায় যায়। প্ৰতিদিনে এই দৰে সিদ্ধুৱে নিজৰ প্ৰেমৰ প্ৰস্তাৱ নৱজিত কৌৰৰ আগত দি থকাৰ বিপৰীতে আকৌ নৱজিত কৌৰে প্ৰতিদিনে সিদ্ধুৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি না না কৈ যায।

निकाल दे अपने दिल से हर डर को,
नजारे मिलेंगे नए फिर तेरी नजर को,
दामन भर जाएगा सितारों से तेरा
ये दुनिया देखेगी तब तेरे उभरते हुनर को

সিদ্ধুৰ মনত তেতিয়া আৰু ভয়ৰ কোনো স্থান নাছিল। প্ৰতিদিনেই প্ৰেমৰ প্ৰস্তাৱ দি থকাৰ পিছত এসময়ত সফল হৈছিল সিদ্ধু। কথাতেই কোৱা হয় ঘঁহি থাকিলে শিলো ক্ষয় যায়…. নৱজিত কৌৰৰ মন সিদ্ধুৰ ফালে ধাল খাইছিল। সদায়েই তেওঁক প্ৰেমৰ প্ৰস্তাৱ দি থকা ল’ৰাটো যে আন ল’ৰাৰ দৰে নাছিল সেই কথা উপলব্ধি কৰিবলৈ পাৰিছিল। মানি লৈছিল সিদ্ধুৰ প্ৰস্তাৱ।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজিত সিং সিদ্ধুৱে মাহৰ পিছত মাহ, বছৰ ধৰি পিছা কৰি কৰি অৱ শেষত নিজৰ কৰিবলৈ সক্ষম হৈছিল নৱজিত কৌৰক। জনপ্ৰিয় ধাৰাবাহিক হাস্যমধুৰ শ্ব’ ‘কমেডী নাইট উইথ কপিল’ত নিজৰ শ্বয়েৰীৰ জৰিয়তে সকলোকে হাঁহিৰ খোৰাক দিয়া সিদ্ধুৰ এই প্ৰেম কাহিনী কমেডী শ্ব’টোতে পোহৰলৈ আহিছিল।

लाखों हसीं जहां में है पर मुझे यकीन है,
कि यहां तुमसे मिलता जुलता कोई दूसरा नहीं है,
ये नूर, ये निखार, ये शोखियां, ये बाघपन,
अगर कहीं जन्नत है तो यहीं है।

পঞ্জাৱৰ গৃহ আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা নৱজিত কৌৰ নৱজিত সিং সিদ্ধুতকৈ বয়সত ছয় মাহ দাঙৰ। দুয়োজনৰ প্ৰেমৰ সাক্ষী এগৰাকী সুন্দৰী জীয়ৰী। নৱজিত সিং সিদ্ধুক মৰমত ‘চেৰু’ বুলি মাতা নৱজিত কৌৰ অৱশ্যে ৰন্ধন কাৰ্যত বৰ এটা ভাল নহয়। ঘণ্টা ঘণ্টা ধৰি মিচিকিয়া হাঁহিৰ গৰাকী নৱজিত কৌৰক চাবলৈ বহুতকে চিকেন ফ্ৰীতে খোওৱা নৱজিত সিং সিদ্ধুৱে কিন্তু নৱজিত কৌৰৰ হাতৰ পৰা আজিলৈকে খাবলৈ নাপালে সুস্বাদু ব্যঞ্জন। অৱশ্যে দুয়োগৰাকীৰ মাজত আগৰদৰেই প্ৰেম ভাল পোৱা অটুট আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments