অলিম্পিয়া প্ৰতিবেদন
টেনিছক্ষেত্ৰৰ জীৱন্ত কিম্বদন্তী ৰাফেল নাডালে গঢ়িলে আন এক বিৰল অভিলেখ। ১০০০ খন টেনিছ মেচ জিকাৰ অভিলেখৰ গৰাকী হৈছে স্পেনিছ টেনিছ তাৰকাগৰাকী।
বুধবাৰে ৰ’লেক্স পেৰিছ মাষ্টাৰ্ছৰ প্ৰথমখন মেচত ফেলিছিয়ান’ ল’পেজক ৪-৬, ৭-৬(৫), ৬-৪ ব্যৱধানত পৰাস্ত কৰাৰ লগে লগে ১০০০ মেচত জয়ৰ অভিলেখ গঢ়ে নাডালে। এই অভিলেখ গঢ়া নাডাল হৈছে বিশ্বৰ চতুৰ্থজন টেনিছ খেলুৱৈ।
তেওঁৰ আগত আছে জিমি কনৰ্ছ(১২৭৪), ৰ’জাৰ ফেডেৰাৰ(১২৪২), ইভান লেণ্ডল(১০৬৮)। এওঁলোকৰ ভিতৰত সক্ৰিয় টেনিছৰ সৈতে কেৱল ফেডেৰাৰ জড়িত হৈ আছে।