Tuesday, October 4, 2022
HomeNewsনগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেট আৰম্ভ

নগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেট আৰম্ভ

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰী মৌজাৰ অন্তৰ্গত পুখুৰীপাৰৰ বীৰ চিলাৰায় যুৱ সংঘৰ উদ্যোগত দেওবাৰৰ পৰা নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে । আয়োজক সমিতিৰ সভাপতি সমীৰ বৰদলৈ, সম্পাদক বিশাল বৰদলৈ আৰু বিষয়ববীয়া উত্তম বৰদলৈয়ে জনোৱা মতে পুখুৰীপাৰৰ অস্থায়ী খেলপথাৰত অনুষ্ঠিত সীমিত অভাৰৰ এই প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলত জলময় গাঁও ক্ৰিকেট ক্লাবে চকলাঘাট ক্ৰিকেট দলক ৬ ৰাণত হৰুৱাই অগ্ৰগতি লাভ কৰিছে । দিনটোৰ আন কেইখনমান খেলত শিমলুতল হালধিআটি ক্ৰিকেট ক্লাব, পুখুৰীপাৰ ইয়ং ষ্টাৰ ক্লাব, জাজৰি জাম্ব’ ক্লাব, ৰহা ইউনাইটেড ক্লাব জয়ী হৈছে । মুঠ ১৬ টা দলে ভাগ লোৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰাই । উল্লেখ্য যে, প্ৰতিযোগিতাৰ বিজয়ী আৰু ফাইনেলিষ্ট দলক ট্ৰফীসহ নগদ ধনৰ লগতে ‘মেন অব দ্য ছিৰিজ’ আৰু ফাইনেলৰ ‘মেন অব দ্যা মেচ’ৰূপে বিবেচিত খেলুৱৈকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments