Wednesday, October 5, 2022
HomeNewsনগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেট পূৰ্ণগতিত

নগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেট পূৰ্ণগতিত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰী মৌজাৰ অন্তৰ্গত পুখুৰীপাৰৰ বীৰ চিলাৰায় যুৱ সংঘৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত চলি থকা তিনিদিনীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত পুখুৰীপাৰৰ টাইগাৰ ইলেভেন ফাইনেলত উপনীত হৈছে । আয়োজক সমিতিৰ বিষয়ববীয়া সমীৰ বৰদলৈ, বিশাল বৰদলৈ আৰু উত্তম বৰদলৈয়ে জনোৱামতে পুখুৰীপাৰৰ অস্থায়ী খেলপথাৰত অনুষ্ঠিত সীমিত অভাৰৰ এই প্ৰতিযোগিতাখনৰ সোমবাৰে বিয়লি প্ৰথমখন ছেমি ফাইনেল খেলত টাইগাৰ ইলেভেনে জাজৰিৰ জাম্ব’ ক্লাবক ৩৮ ৰাণত পৰাজিত কৰে । আনহাতে,দিনটোৰ আন কেইখনমান খেলত ক্ৰমে পুখুৰীপাৰ ইয়ং ষ্টাৰ ক্লাবে ফুলগুৰি ক্ৰিকেট ক্লাবক ২০ ৰাণত আৰু ৰহঢলা ক্ৰিকেট ক্লাবে কাছমাৰী ক্ৰিকেট দলক ৪৯ ৰাণত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । মুঠ ১৬ টা দলে ভাগ লোৱা প্ৰতিযোগিতাখনি দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments