৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ,অসম পুলিচ ব্লু’জ ছেমি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ৭৩সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অসম পুলিচ ব্লু’জে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এই প্ৰতিযোগিতাৰ শনিবাৰে নৈশালোকৰ তুমুল প্ৰতিদ্বন্দিতামূলক কোৱাৰ্টাৰ ফাইনেলত অসম পুলিচ ব্লু’জে তিনিচুকীয়াৰ বদৌচা স্প’ৰ্টছ ক্লাৱক টাইব্ৰেকাৰত ৪-২(০-০)গ’লত পৰাজিত কৰে । নিৰ্ধাৰিত সময়ত গ’লশূণ্যভাৱে থকা খেলখনৰ টাইব্ৰেকাৰত অসম পুলিচ ব্লু’জৰহৈ ৰত্নদেৱ ৰাভা,এন.বিকাশ সিং,অজয় বাকলা আৰু মালীৰাম বসুমতাৰীয়ে গ’ল দিয়াৰ বিপৰীতে বদৌচা স্প’ৰ্টছ ক্লাৱৰহৈ নিতুল দত্ত আৰু দীপেন মৰাণেহে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয় ।অসম পুলিচ ব্লু’জৰ গ’লৰক্ষক মূল্য ৰাভাই চমকপ্ৰদ খেল প্ৰদৰ্শনৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে । খেলখন পৰিচালনা কৰাত ৰেফাৰী নিৰ্মল ভটাচাৰ্যীক সহায় কৰে চাহজাহান আলি চৌধুৰী,শোণিত কুমাৰ বৰা আৰু কল্যাণ বৰুৱা(চতুৰ্থ)ই।ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতাৰ দেওবাৰৰ কোৱাৰ্টাৰ ফাইনেল খেলত দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে আপাৰ আসাম ফুটবল ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *