অলিম্পিয়া প্ৰতিবেদন
সৰ্বভাৰতীয় নাগেছ ট্ৰফী দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্টৰ যোগ্যতা নিৰ্ণায়ক বুধবাৰৰ মেছত অসমে ছত্তিশগড়ৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰিছে । চণ্ডীগড়ৰ ছেক্টৰ ১৬ ষ্টেডিয়ামত ছত্তিশগড়ে নিৰ্ধাৰিত ১৮ অভাৰত সংগ্ৰহ কৰে ১৫৭ ৰাণ । বলিঙত অসমৰ ধন দাসে ৪ অভাৰত এটা মেইডেনসহ ২৩ ৰাণ ব্যয় কৰি দখল কৰে তিনিটা উইকেট । কুমুদ সিং ৰেগন আৰু নিপুল কলিতাই এটাকৈ উইকেট পায় । জয়ৰ বাবে ১৫৮ ৰাণৰ লক্ষ্যৰে খেলি অসমে ১৪.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৫৯ ৰাণ কৰি বিজয়ী হয় । অসমৰ হৈ অপেনাৰ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৬৯ ৰাণ কৰে । ৩৫ টা বলৰ তেওঁৰ ইনিংছটোত আছিল ১২টা বাউণ্ডেৰী । তেওঁৰ উপৰি ধন দাসে ২৫, মনজিৎ চৌধুৰীয়ে ১৫ আৰু প্ৰদু্ন্ম বৰাই ১২ ৰাণৰ বৰঙণি যোগায় । বি-টু শাখাৰ ধন দাসে মেন অব দ্য মেচ আৰু মেন অৱ দ্য চিৰিজ সন্মান লাভ কৰে। তেওঁক এই ট্ৰফী প্ৰদান কৰে চণ্ডীগড়ৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতে। ছত্তিশগড়ৰ বিৰুদ্ধে বিজয়ী হ’লেও পঞ্জাবৰ হাতত পৰাস্ত হোৱা সূত্ৰে অসমে নাগেছ ট্ৰফী সৰ্বভাৰতীয় দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্টৰ মূল ৰাউণ্ডলৈ উন্নীত হ’ব নোৰাৰিলে । উল্লেখযোগ্য যে অসমে প্ৰথমবাৰৰ বাবে এই সৰ্বভাৰতীয় দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্টত যোগদান কৰিছিল ।