Tuesday, October 4, 2022
HomeNewsচামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নতুন কমিটী গঠন

চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নতুন কমিটী গঠন

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দেওবাৰে দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । মনোজ কুমাৰ চৌধুৰীৰ সভাপতিত্বত আগন্তুক দুই বছৰৰ বাবে এখন শক্তিশালী নতুন কমিটী গঠন কৰা হয় । ইয়াৰ পূৰ্বে হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে অনিমেষ চৌধুৰীয়ে । সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক যতীন শৰ্মাই । দুয়োখন প্ৰতিবেদনে সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয় । নতুন কমিটীত মুখ্য পৃষ্ঠপোষক হিচাপে পুনৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি তথা নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীক পৃষ্ঠপোষক, সভাপতি যতীন শৰ্মা, কাৰ্য্যকৰী সভাপতি অপূৰ্ব বৰ্মন, উপ সভাপতি তালেবুৰ ৰহমান, পৰেশ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক বিকাশ ভট্টাচাৰ্য, যুটীয়া সম্পাদক বিনয়ভূষন দত্ত, সহ সম্পাদক অমল বৰ্মন, কুলেশ তালুকদাৰ আদি ২১ জনীয়া কাৰ্যনিৰ্বাহক কমিটীত অন্তৰ্ভুক্ত কৰা হয় । সভাত বিগত বছৰত নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ তিনিখন ফুটবল খেল বিশেষ অসুবিধাত অনুষ্ঠিত কৰিব নোৱাৰাৰ বিষয়ে আলোচনা কৰি খেল তিনিখন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । নৱনিৰ্বাচিত সভাপতি যতীন শৰ্মাই ১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা প্ৰথম পৰ্য্যায়ৰ ষ্টেডিয়ামৰ কাম জুন মাহৰ ভিতৰত সমাপ্ত হোৱাৰ লগতে দ্বিতীয় পৰ্য্যায়ত ৩০ কোটি টকাৰ অনুমোদন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হলে নলবাৰী জিলাত প্ৰথমখন অত্যাধুনিক ষ্টেডিয়াম গঢ় লৈ উঠিব বুলি মন্তব্য প্ৰকাশ কৰি এই ক্ষেত্ৰত সংঘৰ মুখ্য পৃষ্ঠপোষক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে সভাপতি মনোজ কুমাৰ চৌধুৰীয়ে ফুটবল আৰু ভলীবল খেলুৱৈক উৎসাহিত কৰাৰ বাবে খেলুৱৈসকলৰ মাজত ট্ৰেকচুট বিতৰণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments