Sunday, October 2, 2022
HomeNewsনলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, সম্পাদক বুবুল তালুকদাৰ নিৰ্বাচিত

নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, সম্পাদক বুবুল তালুকদাৰ নিৰ্বাচিত

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী নাট্যমন্দিৰত দেওবাৰে নলবাৰী ক্ৰীড়া সন্থাৰ বহু প্ৰত্যাশিত সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায় । বিগত দুই তিনি মাহৰ জল্পনা-কল্পনাৰ অন্তত নতুন কাৰ্য্যনিৰ্বাহক কমিটীখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় । সভাত সভাপতিত্ব কৰে নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি সত্যেন শৰ্মাই । উদ্যেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে । যোৱা ১২ মাৰ্চৰ সাধাৰণ সভাত সম্পাদকীয় প্ৰতিবেদন, হিচাপৰ প্ৰতিবেদন গৃহীত হোৱাৰ পাছত মূলত পুৰণা কমিটী পদত্যাগ আৰু নতুন কমিটী গঠন কাৰ্য্যসূচীৰে সভা আৰম্ভ কৰা হয় । কমিটী গঠনৰ প্ৰাক মুহুৰ্ত্তত নিৰ্বাচনী বিষয়া পৃথ্বিভূষণ ডেকাই কাৰ্যনিৰ্বাহকৰ পদবী সমূহৰ কথা উল্লেখ কৰে । সদনে সৰ্বসন্মতিক্ৰমে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক সভাপতি হিচাপে নিৰ্বাচিত কৰি তেওঁকে নতুন কাৰ্য্যনিৰ্বাহক কমিটীখন গঠন কৰাৰ বাবে আহ্বান জনায় । জয়ন্তমল্ল বৰুৱাই সদনৰ দায়িত্ব গ্ৰহণ কৰি তেওঁৰ লগতে নলবাৰী ক্ৰীড়া সন্থাৰ আজীৱন সভ্য মফিজউদ্দিন আহমেদ, হৰিশ গোস্বামী আৰু চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মাক লৈ এখন কমিটী গঠন কৰি দিয়ে আৰু গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা আৰু নলবাৰীৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰে । আটায়ে লগ হৈ কমিটীখন গঠন কৰি সাধাৰণ সভাত ঘোষণা কৰে । কমিটীখনৰ মুখ্য উপদেষ্টা সাংসদ দিলীপ শইকীয়া, উপদেষ্টা মফিজউদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, গনেশ তামুলী, আব্দুল ৰৌফ; সভাপতি জয়ন্তমল্ল বৰুৱা, উপ সভাপতি- যতীন শৰ্মা, পৰেশ চন্দ্ৰ বৰ্মন, মনোজ কুমাৰ চৌধুৰী, হেমেন্দ্ৰ মহন্ত, উৎপল ডেকা, সাধাৰণ সম্পাদক–বুবুল তালুকদাৰ, সহ সম্পাদক- বিষ্ণুজ্যোতি কলিতা, অজিত শৰ্মা, কোষাধ্যক্ষ পংকজ ডেকা, ক্ৰিকেট সম্পাদক- বিশ্বজিৎ বৰুৱা, ফুটবল সম্পাদক- ৰাতুল গোস্বামী, এথলেটিকছ সম্পাদক- কল্যাণ বৰ্মন, ভলীবল সম্পাদক- দেৱজিৎ ডেকা, হকী সম্পাদক- চন্দন হালৈ, টেবুল টেনিচ সম্পাদক- অমন বৰ্মন, চুইমিং সম্পাদক- মৃগেন কলিতা, বেডমিন্টন সম্পাদক- ৰাজ কুমাৰ কলিতা, বাস্কেটবল সম্পাদক- নেকিবউদ্দিন আহমেদ- খো-খো সম্পাদক- বিপুল কুমাৰ সাউদ, বক্সিং সম্পাদক হেমন্ত কুমাৰ বৰ্মন, আৰ্চাৰী সম্পাদক জয়ন্ত দত্ত, কাৰ্য্যনিৰ্বাহক সদস্য- বিকাশ ভট্টাচাৰ্য, হৰিশ গোস্বামী, সত্যেন শৰ্মা, নুৰুল আমিন, লোহিত কলিতা, মিন্টু তামুলী । নৱনিৰ্বাচিত সভাপতি জয়ন্ত মল্ল বৰুৱাই আটায়েৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments