Monday, October 3, 2022
HomeNewsনলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুঙ্গত : পঞ্জীয়ন মাচুল জমা দিবলৈ...

নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুঙ্গত : পঞ্জীয়ন মাচুল জমা দিবলৈ আহ্বান সাধাৰণ সম্পাদকৰ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ৩ এপ্ৰিলৰ পুৱা ১০ বজাত নাট্যমন্দিৰত নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব । ১২ মাৰ্চত অনুষ্ঠিত নলবাৰী ক্ৰীড়া সন্থাৰ আধৰুৱা হৈ ৰোৱা সাধাৰণ সভাই নতুনকৈ ২৮ টা ক্লাৱক স্বীকৃতি প্ৰদান কৰি ক্ৰীড়াৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণ কৰিব খোজা প্ৰচেষ্টাক ক্ৰীড়া মহলে উচ্চ প্ৰশংসা কৰিছে । নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে আগন্তুক সাধাৰণ সভাৰ জাননী প্ৰেৰণ কৰাৰ লগতে নতুনকৈ স্বীকৃতিপ্ৰাপ্ত ক্লাব-সংঘ, একাডেমীসমূহক তেওঁলোকৰ পঞ্জীয়ন মাচুল ৫০০ টকা অহা ২৫ মাৰ্চৰ আগত আদায় দিবলৈ আহ্বান জনাইছে । ইতিমধ্যে ১২ মাৰ্চৰ সাধাৰণ সভাত সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপ-নিকাচ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হৈছে । সেয়ে ৩ এপ্ৰিলৰ সাধাৰণ সভাত ক্লাৱ-সংঘসমূহৰ মাজত চিনাকী পৰ্ব, ৪ জন পৃষ্ঠপোষক নিৰ্বাচন, পুৰণি সমিতিৰ পদত্যাগ নতুন সমিতি গঠন, হিচাপ পৰীক্ষক নিয়োগ, আগন্তুক বৰ্ষৰ বাবে বাজেট আৰু পৰিকল্পনা সম্পৰ্কে আলোচনা, সভাপতিৰ অনুমোদন সাপেক্ষে অন্যান্য বিষয়ৰ ওপৰত আলোচনা আদি কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে । ইতিমধ্যে ৩১ জনীয়া সমিতিত কোন কোন বিষয়ববীয়াই সমাগত কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰিব এই লৈ নলবাৰী ক্ৰীড়া সমাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । সভাপতি হিচাপে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনেতিক সচিব জয়ন্ত মল্ল বৰুৱা প্ৰায় নিশ্চিত । কাৰ্য্যকৰী সভাপতি পদ নাথাকিব বুলি জানিব পৰা গৈছে । সাধাৰণ সম্পাদক হিচাপে মনোজ কুমাৰ চৌধুৰীৰ নামেই সঘনাই উচ্চাৰিত হৈ আছে । আগতে ২১ জনীয়া কাৰ্য্যনিৰ্বাহ সমিতি আছিল যদিও এইবেলি সমিতিখন ৩১ জনলৈ বৃদ্ধি কৰা হৈছে । আগতে বিভাগীয় সম্পাদক ৭ গৰাকী আছিল এতিয়া ১৫ জনলৈ বৃদ্ধি কৰা হৈছে । গতিকে স্বাভাৱিকতে এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । কোন কাৰ্য্যনিৰ্বাহ সদস্য হ’ব, কোন বিভাগীয় সম্পাদক হ’ব বা অন্যান্য পদত কোনে পদবী দখল কৰিব এই লৈ আগতীয়াকৈ অনুমান কৰা টান হৈ পৰিছে । যিয়েই কাৰ্য্যনিৰ্বাহক সমিতিৰ সদস্য নহওক কিয় ক্ৰীড়াক উৰ্ধত ৰাখি কাম কৰি যাবলৈ ক্ৰীড়াপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে । ক্ষমতা আৰু আত্মপ্ৰচাৰৰ স্বাৰ্থত পদবী দখল কৰিব বিচৰাসকলক নলবাৰী ক্ৰীড়া সন্থাৰ পৰা দূৰতে বিদূৰ কৰি ক্ৰীড়া সন্থা গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ক্ৰীড়াক আন্তৰিকতাৰে ভাল পোৱা নলবাৰীৰ বিশিষ্ট ব্যাক্তি সকলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments