Monday, October 3, 2022
HomeNewsনলবাৰী জিলা খো খো সন্থা গঠন

নলবাৰী জিলা খো খো সন্থা গঠন

অলিম্পিয়া প্ৰতিবেদন

অসম খো খো সন্থাৰ উদ্যোগত নতুনকৈ গঠন কৰা হ’ল নলবাৰী খো খো সন্থা। মঙ্গলবাৰে নলবাৰীৰ নৰ্থ কামৰূপ ষ্টেডিয়ামত সেই উদ্দেশ্যে এখন সভা অনুষ্ঠিত হৈ যায়। অসম খো খো সন্থাৰ তত্বাৱধানত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে জিলাখনৰ কাবাডী, হেণ্ডবল, খো খো সন্থাৰ প্ৰতিষ্ঠাপক, অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া নৰেন শৰ্মাই।

অসম খো খো সন্থাৰ পৰ্য্যবেক্ষক গোবিন্দ কলিতা, নলবাৰী কাবাডী, হেণ্ডবল, খো খো সন্থাৰ কাৰ্যকৰী সভাপতি হৰিশ গোস্বামী, প্ৰাক্তন সম্পাদক সুভাষ দেৱ নাথ, মহকুমা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, নলবাৰী ক্ৰীড়া সন্থাৰ সহঃ সম্পাদক ৰাতুল গোস্বামী আদিয়ে সভাত অংশগ্ৰহণ কৰি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে ভাৰতীয় খো খো সন্থাই শেহতীয়াকৈ ৰাজ্য সমূহৰ খো খো সন্থাসমূহ পুনৰ গঠনৰ লগতে পঞ্জীয়নভুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। তাৰোপৰি এতিয়াৰে পৰা প্ৰতিখন জিলা সন্থাতে ১০০০ খেলুৱৈ থাকিব লাগিব।

সেই উদ্দেশ্যে সাংসদ দিলীপ শইকীয়াক মুখ্য পৃষ্ঠপোষক, অশোক শৰ্মা, নাৰায়ণ ডেকাক পৃষ্ঠপোষক, নৰেন শৰ্মা, হীৰেন গোস্বামী, সুভাষ দেবনাথ, ৰাতুল গোস্বামী, দিলীপ শৰ্মাক উপদেষ্টা হিচাবে লৈ নতুন কমিটিখন গঠন কৰা হয়। বিষ্ণুজ্যোতি কলিতাক সভাপতি আৰু ৰাজীৱ শৰ্মাক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন হোৱা নতুন কমিটীখনে আগন্তুক সময়ত নলবাৰীত খো খোৰ উত্তৰণৰ বাবে কাম কৰিব বুলি আশ্বাস প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments