Tuesday, October 4, 2022
HomeNewsনলবাৰী ক্ৰীড়া সন্থাৰ গুৰুত্বপূৰ্ণ সভা:সকলো ক্ৰীড়া সংগঠনকে একেটা ছাটিৰ তলত কাম কৰি...

নলবাৰী ক্ৰীড়া সন্থাৰ গুৰুত্বপূৰ্ণ সভা:সকলো ক্ৰীড়া সংগঠনকে একেটা ছাটিৰ তলত কাম কৰি যাবলৈ আহ্বান বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪ বজাত জিলা পুথিভড়াল, নলবাৰীৰ প্ৰেক্ষাগৃহত ক্ৰীড়াৰ সামগ্ৰিক উন্নয়নৰ বাবে নলবাৰী ক্ৰীড়া সন্থাৰ পঞ্জীয়নভুক্ত আৰু পঞ্জীয়ন বিহীন ক্ৰীড়া সংগঠনসমূহৰ মাজত এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । নলবাৰী ক্ৰীড়া সন্থাৰ আগন্তুক সাধাৰণ সভাৰ পূৰ্বে উক্ত সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে । সভাত সভাপতিৰ আসন গ্ৰহণ কৰে সন্থাৰ স্থায়ী সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই । উদ্দেশ্য বাখ্যা কৰে সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে । ইয়াত উপস্থিত থাকে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, যুটীয়া সম্পাদক বিষ্ণু ৰাম নুনিচা, হীৰেন গগৈ, অমল নাৰায়ন পাটোৱাৰী, কোষাধ্যক্ষ তপন দাস, এথলেটিকছ প্ৰশিক্ষক নিপন দাস, অসম ভাৰোত্তোলন সন্থাৰ সভাপতি ভৱজিৎ গোস্বামী, নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, ক্ৰীড়া সংগঠক গনেশ তামুলীকে ধৰি বিশিষ্ট ব্যাক্তিসকলৰ লগতে সন্থাৰ স্বীকৃতিপ্ৰাপ্ত আৰু সাময়িকভাৱে স্বীকৃতিপ্ৰাপ্ত ক্লাব-সংঘ সমূহৰ সভাপতি, সম্পাদক আৰু নতুনকৈ স্বীকৃতি বিচাৰি আবেদন জনোৱা ক্লাৱ, সন্থা, একাডেমীৰ প্ৰতিনিধিবৰ্গ । গ্ৰামাঞ্চলৰ ক্ৰীড়াক অধিক অগ্ৰাধিকাৰ দিয়াৰ বাবে যিবিলাক ক্লাব-সংঘই সক্ৰিয়ভাৱে ক্ৰীড়াৰ কাম-কাজ চলাই আছে সেইসমূহ ক্লাব-সংঘক স্বীকৃতি দিয়াৰ বাবে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক্ৰীড়া সন্থালৈ পৰামৰ্শ আগবঢ়ায় । লগতে নলবাৰীৰ ক্ৰীড়াৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো সন্থা, ক্ৰীড়া একাডেমী, প্ৰশিক্ষণ কেন্দ্ৰ, ক্লাব-সংঘসমূহক একগোট হৈ একেটা ছাতিৰ তলত কাম কৰি যোৱাৰ পোষকতা কৰে । উক্ত সভাত যিবোৰ ক্লাব-সংঘ বা অন্যান্য ক্ৰীড়া সন্থা, একাডেমীয়ে নলবাৰী ক্ৰীড়া সন্থাৰ স্বীকৃতি বিচাৰি আবেদন জনাইছে সেইসমূহ আবেদন পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে এখন পাঁচজনীয়া সমিতি গঠন কৰি দিয়া হয় । সমিতিৰ সদস্য সকল হৈছে ক্ৰীড়া সন্থাৰ সভাপতি অশোক শৰ্মা, বিধায়ক জয়ন্ত মল্ল বৰুৱা, ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, মৃন্ময় ভূঞা আৰু গ্ৰাম্য বিকাশ মঞ্চৰ সাধাৰণ সম্পাদক পৃথ্বিভূষণ ডেকা । ইতিমধ্যে নলবাৰী ক্ৰীড়া সন্থাই অহা ১২ মাৰ্চত সাধাৰণ সভা আহ্বান কৰিছে । গতিকে ৯ মাৰ্চৰ ভিতৰত সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ সভাই আহ্বান জনায় । ক্ৰীড়া সন্থাৰ স্বীকৃতি বিচাৰি গ্ৰামাঞ্চলৰ প্ৰায় ৭৫ টা ক্লাব-সংঘ, একাডেমী, সন্থাই আবেদন কৰিছে । আবেদনৰ ওপৰত ভিত্তি কৰি স্বীকৃতি বা সাময়িক ভাৱে স্বীকৃতি দিয়াটো আগন্তুক সাধাৰণ সভাত নিশ্চিতভাৱে ঠাই পাব । অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে নলবাৰী ক্ৰীড়াক আধুনিক ক্ৰীড়াৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাবলৈ আহ্বান জনায় । নলবাৰী জিলাৰ সকলো ক্ৰীড়া সংগঠন একগোট হৈ একেটা মঞ্চত থাকি কাম কৰিলে সমগ্ৰ অসমতে নলবাৰীয়ে আৰ্হি হৈ পৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য যে বিগত বৰ্ষত নলবাৰী ক্ৰীড়া সন্থাই ক্লাব-সংঘসমূহক স্বীকৃতি বিচাৰি আবেদন জনাবলৈ সংবাদ মাধ্যমত প্ৰচাৰ কৰিছিল । সেই মৰ্মে মুঠ ৭ টা ক্লাবে আবেদন জনাইছিল । ইয়াৰে ৩ টা ক্লাবক স্বীকৃতি দি আন ৪ টা ক্লাবক সাময়িকভাৱে স্বীকৃতি প্ৰদান কৰাৰ কথা সভাপতি অশোক শৰ্মাই সভাক অৱগত কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments