Monday, October 3, 2022
HomeNews১৩ বাৰকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা নীৰেন শৰ্মাই...

১৩ বাৰকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা নীৰেন শৰ্মাই নাপালে কৰ্মসংস্থাপন

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসমৰ ভলীবল জগতত নলবাৰী জিলাৰ স্বৰ্ণীল ইতিহাস আছে । নলবাৰী জিলাৰ ভলীবল খেলৰ উত্তৰণত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ভূমিকা নি:সন্দেহে গুৰুত্বপূৰ্ণ । এই প্ৰতিবেদন নলবাৰী জিলাৰ পশ্চিম চামতাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সূদক্ষ ভলীবল খেলুৱৈ নীৰেন শৰ্মাৰ বিষয়ে । প্ৰয়াত দীনেশ চন্দ্ৰ শৰ্মা আৰু ভাৰতী দেৱীৰ চতুৰ্থ পুত্ৰ তেওঁ। পাচঁজন ককাই ভাইৰ চাৰি জনেই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ । গতিকে নীৰেন শৰ্মাই সৰুৰে পৰাই পাইছিল ভলীবল খেলৰ পৰিবেশ । নম্ৰ, ভদ্ৰ, অমায়িক নীৰেন শৰ্মাই ভলীবল খেলি এসময়ত অসমত ত্ৰাসৰ সৃষ্টি কৰিছিল । প্ৰতিপক্ষৰ বাবে নীৰেন শৰ্মা আছিল এক প্ৰকাৰ মূৰৰ কামোৰণী । নীৰেন শৰ্মা দলত থকা মানেই অইন দলসমূহে সমীহ কৰিবলৈ বাধ্য হৈছিল । নিখুট স্মেচেৰে অইন দলৰ দূৰ্ভেদ্য ব্লক হেলাৰঙে প্ৰতিহত কৰাৰ ক্ষমতা আছিল নীৰেন শৰ্মাৰ । খেলৰ প্ৰতিটো পইন্ট আছিল তেওঁৰ বাবে অতি মূল্যৱান । সেয়েহে খেলৰ সময়ত তেওঁ অতি সচেতন আছিল । ৪ নম্বৰ পজিচনৰ পৰা খেলা নীৰেন শৰ্মাই প্ৰায় প্ৰতিটো বলেই ১ নম্বৰ পজিচনৰ চাইড লাইন বা এণ্ড লাইনত স্মেচ কৰি সফল হৈছিল । তেওঁৰ লিফটাৰ আছিল অসমৰ এগৰাকী শ্ৰেষ্ঠ লিফটাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ উৎপল ভট্ট । তেওঁ এনে নিখুতভাৱে নীৰেন শৰ্মাৰ বাবে বল বনাইছিল যে নীৰেন শৰ্মাই চকুমুদি বল স্মেচ কৰিব পাৰিছিল । ১৯৮৮ চনৰ পৰাই তেওঁলোকে চামতা আঞ্চলিক সংঘ, ত্ৰিশূল সংঘ আদিৰ নামত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমন্ত্ৰণীমূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি প্ৰায়ে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল । সেই সময়ত তেওঁলোকৰ ৰেল আৰু পুলিচ দলৰ মাজতহে প্ৰতিযোগিতা চলিছিল । উক্ত প্ৰতিযোগিতাতো তেওঁলোকে কেইবাবাৰো চুড়ান্ত বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল । দলটোৰ সদস্য সকল আছিল তপন বৰ্মন, পোলেন ঠাকুৰীয়া, দেৱজিৎ ঠাকুৰীয়া, উৎপল ভট্ট, দীনেশ ঠাকুৰীয়া, প্ৰতুল ভট্ট, সুভাস ভট্ট, নয়ন বৰ্মন আদি । দলটোৰ অধিনায়ক আছিল নীৰেন শৰ্মা । সেই সময়ত অসমত ক্লাব টিম হিচাপে এই দলটো আছিল শ্ৰেষ্ঠ দল । পুলিচ দলৰ পিছতে অসমত একমাত্ৰ ৫*১ পদ্বতিত খেলা দল আছিল নীৰেন শৰ্মাৰ দলটো । অত্যধিক বুজাবুজিৰে খেলি প্ৰতিপক্ষক সহজতে হৰুৱাব পাৰিছিল তেওঁলোকে । ইয়াৰ সুবাদতে নীৰেন শৰ্মাই আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো আজুৰি আনিবলৈ সক্ষম হৈছিল বিজয়ীৰ সন্মান । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ কেইবাবাৰো অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল । ইয়াৰ ভিতৰত ১৯৮৫ চনত কেৰালাত অনুষ্ঠিত সৰ্বভাৰতীয় গ্ৰাম্য ক্ৰীড়া, ১৯৮৭ চনত উত্তৰ প্ৰদেশত অনুষ্ঠিত নেচনেল স্কুল গেমছ, ১৯৮৮ চনত মধ্যপ্ৰদেশত অনুষ্ঠিত নেচনেল স্কুল গেমছ, ১৯৯০ চনত ৱেষ্ট বেংগলত অনুষ্ঠিত ছিনিয়ৰ নেচনেল, ১৯৯২ চনত ৱেষ্ট বেংগলত অনুষ্ঠিত ছিনিয়ৰ নেচনেল, ১৯৯৪ চনত অন্দ্ৰপ্ৰদেশত অনুষ্ঠিত ছিনিয়ৰ নেচনেল, ১৯৯৪ চনত ৱেষ্ট বেংগলত অনুষ্ঠিত ছিনিয়ৰ ইষ্ট জ’ন ভলীবল প্ৰতিযোগিতা, ১৯৯৫ চনত ত্ৰিপুৰাত অনুষ্ঠিত নৰ্থইষ্ট ভলীবল প্ৰতিযোগিতা, ১৯৯৫ চনত গুৱাহাটীত অনুষ্ঠিত সৰ্ব ভাৰতীয় বিশ্ববিদ্যালয় ভলীবল প্ৰতিযোগিতা, ১৯৯৬ চনত চিকিমত অনুষ্ঠিত নৰ্থইষ্ট ভলীবল প্ৰতিযোগিতা, ১৯৯৮ চনত মনিপুৰত অনুষ্ঠিত নৰ্থইষ্ট ভলীবল প্ৰতিযোগিতা, ২০০১ চনত কেৰেলাত অনুষ্ঠিত ছিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতা ইত্যাদিত নীৰেন শৰ্মাই অসম দলক প্ৰতিনিধিত্ব কৰে । ভলীবল খেলিয়েই ৰাইজৰ মৰম-আদৰ পোৱা নীৰেন শৰ্মাই নিজৰ জীৱনৰ কথা এবাৰো নাভাবিলে । ভলীবলৰ পোকে তেওঁক এনেদৰে গ্ৰাস কৰিলে যাৰ বাবে খেল এৰি চবকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত ইন্টাৰভিউ দিবলৈ যোৱাৰো তেওঁৰ সময় ন’হল । খেল এৰি দিয়াৰ পিছত কৰ্মসংস্থাপনৰ বাবে অশেষ চেষ্টা কৰিছিল যদিও তেওঁ সফল হ’ব নোৱাৰিলে । যাৰ বাবে তেওঁ আজি কৰ্ম সংস্থাপনৰ অভাৱত ভুগি আছে । নীৰেন শৰ্মাৰ ক্লাব দলটোৰ আটাইকেইজন খেলুৱৈয়ে সেই সময়ত কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল। কিন্তু দূৰ্ভাগ্যৰ কথা এয়ে যে দুজন মানৰ বাহিৰে বাকী কেইজনৰ আজিও কোনো ধৰণৰ সংস্থাপন ন’হল । যাৰ বাবে ভলীবলৰ পকেট হিচাপে চিহ্নিত নলবাৰীৰ পশ্চিম চামতাত আজি ভলীবল প্ৰায় নি:শেষ হৈ যোৱাৰ উপক্ৰম হৈছে । নীৰেন শৰ্মাই লগ পোৱা প্ৰশিক্ষকসকলৰ ভিতৰত আছান আলী, ৰবীন্দ্ৰ সিং যাদৱ, দীব্যজ্যোতি ভাগৱতী, গুণীন গগৈ, লক্ষেশ্বৰ মেধি । খেলিথকা সময়ত এইসকল প্ৰশিক্ষকৰ সহায়-সহযোগিতা তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁৰ মতে অসমত প্ৰতিভাবান খেলুৱৈৰ অভাৱ নাই । এই সকলক একগোট কৰি অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে অসম দলেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব । ইয়াৰ লগে লগে খেলুৱৈৰ সংস্থাপনৰ কথাটোও অধিক গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য আগবঢ়ায় । নীৰেন শৰ্মাৰ লগতে দলটোৰ সদস্যসকলৰ কৰ্মসংস্থাপন বা অন্য জীৱিকাৰ পথ মুকলি কৰি দিয়াৰ বাবে ভলীবল প্ৰেমীসকলে চৰকাৰৰ ওচৰত দাবী উথাপন কৰিছে । অন্যথা এওঁলোকৰ অৱস্থা দেখি নৱ প্ৰজন্মৰ খেলুৱৈসকলে খেল খেলিবলৈ প্ৰকাশ কৰিব অনীহা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments