অলিম্পিয়া প্ৰতিবেদন
আই পি এলত এটা চিজনত সৰ্বাধিক সংখ্যক য়ৰ্কাৰ বল প্ৰদান কৰা বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে লাচিথ মালিংগাৰ নাম। তেওঁ ২০১৩ ত প্ৰতিপক্ষ বেটছমেনক উদ্দেশ্যি সৰ্বাধিক ৮৩ টা য়ৰ্কাৰ বল দিছিল। সেই তালিকাত প্ৰায় প্ৰতিবাৰেই মালিংগায়েই শ্ৰেষ্ঠত্ব অর্জন কৰি আহিছে।
ভাৰতৰ পেচ বলাৰ যশপ্ৰীত বুমৰাহেও য়ৰ্কাৰেৰে প্ৰতিপক্ষ বেটছমেনক শ’ল ঠেকত পেলাই আহিছে যদিও এই তালিকাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ বিপৰীতে এই বৰ্ষত এই কাম কৰি দেখুৱালে এজন উদীয়মান পেচ বলাৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা তামিলনাডুৰ ২৯ বছৰীয়া পেচ বলাৰ টি নটৰাজনে গঢ়িলে এই কৃতিত্ব।
চলিত বৰ্ষত ছেমি ফাইনেলত উপনীত হোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাওঁহতীয়া মিডিয়াম পেচাৰ বলাৰজনে এই বৰ্ষত ৭৬ টাকৈ য়ৰ্কাৰ বল দিয়ে। চলিত বৰ্ষত এয়া আছিল যিকোনো বলাৰে প্ৰদান কৰা সৰ্বাধিক সংখ্যক য়ৰ্কাৰ। নিজৰ য়ৰ্কাৰৰে নটৰাজনে এইবাৰ সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। বহুতে নটৰাজনৰ মাজত দেখা পাইছে যশপ্ৰীত বুমৰাহক। আশা কৰা হৈছে বুমৰাহৰ অনুপস্থিতিত নটৰাজনে চম্ভালিব পাৰিব ভাৰতীয় দলৰ বলিং আক্ৰমণ।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং আক্ৰমণৰ মূল শক্তি হৈ পৰা নটৰাজনে চলিত আই পি এলত দখল কৰে ১৬ টাকৈ উইকেট। কেৱল সেয়াই নহয়। যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদ দলটো ফাইনেল খেলাৰ পৰা বঞ্চিত হয়, তথাপি ভাগ্যৰ দুৱাৰ খোল খালে নটৰাজনৰ। ইতিমধ্যে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছে তেওঁ। আন এজন নৱাগত বৰুণ চক্ৰৱৰ্তী আঘাতৰ সমস্যাৰ বাবে এই ভ্ৰমণৰ পৰা বাদ পৰাৰ পৰিপ্ৰেক্ষিতত স্থান লাভ কৰে এই গৰাকী তামিলনাডুৰ প্ৰতিভাৱান ক্ৰিকেটাৰে। সুযোগ লাভ কৰি এতিয়া উৎফুল্লিত ভাৰতীয় ক্ৰিকেটৰ নতুন য়ৰ্কাৰ বিশেষজ্ঞগৰাকী।