Wednesday, September 28, 2022
HomeNewsপ্ৰাক্তন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক এথলেটিকছ খেলুৱৈ, ৰাষ্ট্ৰীয় এথলেটিকছ, ভলীবল ৰেফাৰী প্ৰসন্ন তালুকদাৰ

প্ৰাক্তন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক এথলেটিকছ খেলুৱৈ, ৰাষ্ট্ৰীয় এথলেটিকছ, ভলীবল ৰেফাৰী প্ৰসন্ন তালুকদাৰ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাস

প্ৰসন্ন তালুকদাৰৰ জন্ম হৈছিল পাঠশালা মুগুৰীয়া গাওঁত ১৯৬৪ চনৰ ১ জানুৱাৰীত । দেউতাকৰ নাম আছিল ৰাজেন্দ্ৰ নাথ তালুকদাৰ আৰু মাকৰ নাম অঞ্জনা তালুকদাৰ । তেওঁ ৮০ দশকৰ পৰা খেল আৰম্ভ কৰি অসমৰ এগৰাকী এথলেটিকছ আৰু ভলীবল খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । সেই সময়ত অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত তেওঁ হাইজাম্প, লংজাম্প, ত্ৰিপুলজাম্প ইত্যাদিত উল্লেখনীয় প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছিল । ইয়াৰ লগে লগে আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত বৰপেটা আৰু নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল । বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীযা জীৱন আৰম্ভ কৰি ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ৰাজনীতি বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় । খেলা-ধুলাই যে পঢ়াত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে সেয়া প্ৰসন্ন তালুকদাৰে প্ৰমাণ কৰি দিছে । ১৯৮১-৮২ চনৰ ২৮-৩০ জানুৱাৰীত পুনেত অনুষ্ঠিত ২৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ এথলেটিকছ প্ৰতিযোগিতাত প্ৰসন্ন তালুকদাৰে অসম দলৰ জাৰ্চী পিন্ধিবলৈ সক্ষম হৈছিল । গুৱাহাটী বিশ্ববিদ্যায়ৰ আন্তঃমহাবিদ্যালয় এথলেটিকছ প্ৰতিযোগিতাত প্ৰসন্ন তালুকদাৰে ১৯৮৬, ৮৭ আৰু ৮৮ চনত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ এথলীটৰ খিতাপ নিজৰ হাতত অক্ষুন্ন ৰাখে । ১৯৮৬ চনত মাদ্ৰাছৰ চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় এথলেটিকছ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি লং জাম্পত তৃতীয় স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে । ১৯৮৫ চনৰ ৭-১০ ফেব্ৰুৱাৰীত মাদ্ৰাজত অনুষ্ঠিত ২৩ সংখ্যক ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত তেওঁ জুনিয়ৰ লেভেলত অসম দলক প্ৰতিনিধিত্ব কৰে । ১৯৮৬ চনৰ ১০-১২ জানুৱাৰীত হাৰিয়ানাত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে । ২০০১ চনৰ ১১-১২ আগষ্টত গুৱাহাটীত অনুষ্ঠিত ফেডাৰেছন টেকনিকেল অফিছিয়েল পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হয় । ২০০০ চনৰ ২৫-২৯ ফেব্ৰুৱাৰীত নগাওঁত অনুষ্ঠিত ষষ্ঠ ইউথ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ।
২০০২ চনৰ ১৮-২০ এপ্ৰিলত হাইদৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী পৰীক্ষাত প্ৰসন্ন তালুকদাৰে সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনে । ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখন ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অতি দক্ষতাৰে খেল পৰিচালনা কৰে । ২০০২ চনৰ ১৩-২২ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত ৩২ সংখ্যক নেচনেল গেমছত খেল পৰিচালক হিচাপে অংশ গ্ৰহণ । ২০০২ চনত ২৪ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ হাৰিয়ানাত অনুষ্ঠিত ৫১ সংখ্যক ছিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ, ২০০৩ চনৰ ৫-১১ নৱেম্বৰলৈ বাংগালুৰুত অনুষ্ঠিত ১২ সংখ্যক মিনি নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ, ২০০৫ চনৰ ১৪-১৮ ডিচেম্বৰত বৰপেটাত অনুষ্ঠিত পঞ্চম ছিনিয়ৰ ইষ্ট আৰু নৰ্থইষ্ট ভলীবল চেম্পিয়নশ্বিপত অংশ গ্ৰহণ । ২০০৫ চনৰ ১৪-২৩ জানুৱাৰীত তামিলনাডুত অনুষ্ঠিত ৫৩ সংখ্যক ছিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে । ২০০৭ চনৰ ৯-১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক নেচনেল গেমছ আৰু ২০০৭ চনৰ ২৭ জুলাইৰ পৰা ৪ আগষ্টলৈ কলিকতাত অনুষ্টিত কমনৱেলথ ভলীবল চেম্পিয়নশ্বিপত তেওঁ অংশ গ্ৰহণ কৰে ।

আন্তৰাষ্ট্ৰীয় খেল পৰিচালনা কৰা অসমৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় ৰেফাৰী হৈছে প্ৰসন্ন তালুকদাৰ । ২০০৭ চনৰ ১০-২২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া ভলীবলৰ টেকনিকেল অফিছিয়েল, ২০০৮ চনত ২৭ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ জম্মুত অনুষ্ঠিত ছাব-জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। এথলেটিকছ আৰু ভলীবল একেলগে খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা প্ৰসন্ন তালুকদাৰে এথলেটিকছ আৰু ভলীবলৰ খেল পৰিচালনাও অতি দক্ষতাৰে সমাপন কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰি বৰ্তমান তেওঁ ক্ৰীড়া সংগঠক হিচাপেও অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে । গুৱাহাটী মহাৰাণা ক্লাৱৰ প্ৰাক্তন যুটীয়া সম্পাদক, লায়নছ ক্লাব, ডিবগৈৰ প্ৰাক্তন সহ সম্পাদক, ষ্টাৰ মিলেনিয়াম ক্লাবৰ সম্পাদক আৰু সদ্য ঘোষিত বজালী ভলীবল একাডেমী গঢ়াৰ তৰ্দথ কমিটিৰ কাৰ্য্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছে এইগৰাকী প্ৰাক্তন ক্ৰীড়াবিদে ।

গুৱাহাটী ৰিফাইনেৰীত এজন দায়িত্বশীল কৰ্মচাৰী হৈয়ো সময় আৰু সুবিধা লৈ ক্ৰীড়াৰ উত্তৰণৰ হকে কাম কৰি যোৱাৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজে তেওঁক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে । ক’ভিড মহামাৰীৰ দূৰ্দিনৰ সময়তো তেওঁ খেলুৱৈৰ ওচৰত থিয় হৈ সহায়-সহযোগিতা আগবঢ়াই সাহস আৰু প্ৰেৰণা দি আহিছে । এসময়ৰ বহুতো প্ৰাক্তন সুদক্ষ খেলুৱৈয়ে এতিয়া ভালধৰণে সংস্থাপিত হৈ ক্ৰীড়াক সম্পূৰ্ণৰূপে পিঠি দিয়া কাৰ্য্ক ক্ৰীড়াপ্ৰেমীয়ে আক্ষেপ কৰা পৰিলক্ষিত হৈছে । কিয়নো তেওঁলোকৰ মাজত খেলুৱৈক দিব পৰাকৈ এতিয়াও বহু ক্ৰীড়াই বাকী আছে । ব্যস্ততাৰ মাজেদি সময় আৰু সুবিধা লৈ সেইসকল প্ৰাক্তন খেলুৱৈয়ে খেলপথাৰলৈ গৈ তেওঁলোকৰ অভিজ্ঞতাসমূহ চেয়াৰ কৰিলে অসমৰ ক্ৰীড়া বহুত লাভৱান হ’ব বুলি দৃঢ়ভাৱে ক’ব পাৰি । খেলুৱৈসকলৰ মনৰ বুজ লৈ সাধ্যানুসাৰে এটা বল, এখন নেট, এযোৰ জোতা, এযোৰ সাজ-পোছাক দি হলেও খেলুৱৈসকলক উৎসাহিত কৰিব পাৰে । তেতিয়াহে তেওঁ যে এজন কৃতি খেলুৱৈ আছিল বা ক্ৰীড়াৰ লগত জড়িত হৈ আছিল সেই গুণেই তেওঁক সমাজে আদৰ সন্মান কৰিব । অন্যথা তেওঁ যে এসময়ৰ সুদক্ষ খেলুৱৈ আছিল সেই কথা পাহৰণীৰ গৰ্ভত হেৰাই যাব । অৱশ্যে কিছু প্ৰাক্তন চাকৰিয়াল খেলুৱৈয়ে নামৰ কাৰণে নহয় ক্ৰীড়াক আন্তৰিকতাৰে ভাল পায় কাৰণে ক্ৰীড়াৰ উন্নতিৰ কাৰণে দহোবন কাটি কৰি থৈ হলেও অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ই এক শুভ লক্ষণ।

অসমত প্ৰসন্ন তালুকদাৰৰ দৰে বহুতো সুদক্ষ খেলুৱৈ আছে যদিও তেওঁলোকে নিজে সংস্থাপিত হৈ ক্ৰীড়াক মাহী আইৰ দৃষ্টিৰে চাই আহিছে । অথচ তেওঁক ক্ৰীড়াই জীৱন গঢ়াত সহায় কৰিছে । তেনে হোৱাটো এজন প্ৰকৃত খেলুৱৈৰ পৰিচয় হ’ব নোৱাৰে । আহক আমি সকলো পৰিহাৰ কৰি নৱপ্ৰজন্মৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ স্বাৰ্থত সহযোগিতা আগবঢ়াই ক্ৰীড়াৰ জড়িয়তে ৰাজ্য তথা দেশত মানৱ সম্পদ গঢ়ি তোলো ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments