Friday, September 30, 2022
HomeNewsআজিৰ পৰা ৰাষ্ট্ৰীয় বেডমিণ্টনৰ অনুশীলন শিবিৰ;অংশ ল'ব অসমৰ অস্মিতা চলিহায়ো

আজিৰ পৰা ৰাষ্ট্ৰীয় বেডমিণ্টনৰ অনুশীলন শিবিৰ;অংশ ল’ব অসমৰ অস্মিতা চলিহায়ো

অলিম্পিয়া প্ৰতিবেদন

অক্টোবৰৰ ৩ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব থমাছ আৰু উবেৰ কাপৰ খেলসমূহ। তাৰ বাবে প্ৰস্তুতি চলাবলৈ কালিৰ পৰা বেডমিণ্টনৰ ৰাষ্ট্ৰীয় প্ৰস্তুতি শিবিৰৰ অনুষ্ঠিত হৈছে হায়দৰাবাদস্থিত পুলেলা গোপিচান্দ একাডেমীত। দেওবাৰে এই শিবিৰ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে।

উল্লেখযোগ্য যে, থমাছ কাপ আৰু উবেৰ কাপ অক্টোবৰৰ ৩ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব ডেনমার্কত। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দল নিৰ্বাচন কৰা হ’ব ছেপ্টেম্বৰৰ ১৭ তাৰিখে। কটকটীয়া ক’ভিড প্ৰট’কলৰ মাজেৰে খেলুৱৈসকলে শিবিৰত অংশগ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২৬ গৰাকী শ্বাটলাৰে অংশ ল’বলগীয়া প্ৰস্তুতি শিবিৰটোত অলিম্পিক পদক বিজয়ী ছাইনা নেহৱাল, ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পদক বিজয়ী ছাই প্ৰণীথ, কিদাম্বী শ্ৰীকাণ্ঠয়ো অংশ ল’ব। পূৰ্বতে ব্যক্তিগত কাৰণৰ দোহাই দি প্ৰতিযোগিতা দুখনত অংশগ্ৰহণ নোলোৱাৰ সিদ্ধান্ত লোৱা পি ভি সিন্ধুই অতি শীঘ্ৰেই অংশ ল’ব এই প্ৰস্তুতি শিবিৰত।

উল্লেখযোগ্য যে অসমৰ তাৰকা শ্বাটলাৰ অস্মিতা চলিহায়ো অংশ লৈছে উক্ত শিবিৰত। অস্মিতাই মূল ভাৰতীয় দলত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments