অলিম্পিয়া প্ৰতিবেদন
এজাক বেছবল খেলুৱৈ ব্যস্ত কঠোৰ অনুশীলনত । লক্ষ্য ক্লাব নেচনেল টুৰ্ণামেন্ট । সাজু অসমৰ বেছবল দল “ৰাইনো বেছবল ক্লাব “।
অহা ৮ ৰ পৰা ১৩ ফ্ৰেব্ৰুৱাৰীলৈ হায়দৰাবাদত অনুষ্ঠিত হ’ব বেছবলৰ ক্লাব নেচনেল টুৰ্ণামেন্ট । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বেছবল
ছফ্টবল এছচিয়েচন অৱ আছামৰ তত্বাৱধানত গঠন কৰা হৈছে এটা দল । এই ১৬ জনীয়া দলটোত আছে অসমৰ লগতে আছে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আদিৰ বচা বচা খেলুৱৈ । নিৰ্বাচিত মুঠ ৮ টাকৈ দলে অংশ ল’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে উত্তৰ-পূব তথা অসমক প্ৰতিনিধিত্ব কৰা ৰাইনো বেছবল ক্লাবে । দলটোক শক্তিশালী ৰূপত গঢ় দিবলৈ গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ খেলপথাৰত অনুষ্ঠিত হৈছে তিনিদিনীয়া অনুশীলন শিবিৰ । বৃহস্পতিবাৰে হোটেল ছিলভাৰ ৰিজেন্সীত এই অনুশীলন শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । এই প্ৰতিযোগিতা সবাংগসুন্দৰ হ’ব বুলি জনায় বেছবল ছফ্টবল এছচিয়েচন অৱ আছামৰ সভাপতি ডি ডি খাউণ্ডে ।
উল্লেখযোগ্য যে ইণ্ডিয়ান ছফ্টবল আৰু বেছবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় দলটো গঠন কৰা হ’ব ।
অসমৰ খেলুৱৈয়েও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব বুলি আশাবাদী বেছবল ছফ্টবল এছচিয়েচন অৱ আছামৰ কাৰ্যবাহী সভাপতি স্বপ্ননীল বৰুৱা ।
ছত্তিশগড়ৰ প্ৰশিক্ষক অমান তাম্বুলীৰ লগতে ৰাষ্ট্ৰীয় বেছবল প্ৰশিক্ষক আৰু ৰেফাৰী জোন দত্তৰ তত্বাৱধানত দলটোৱে কৰি আছে অনুশীলন । দেশৰ অন্য শীৰ্ষ দলৰ সৈতে প্ৰথমবাৰৰ বাবে ৰাইনো বেছবল ক্লাবে অংশগ্ৰহণৰ সুযোগ লাভ কৰা বিষয়ত আনন্দিত বেছবল ছফ্টবল এছচিয়েচন অব আছামৰ সাধাৰণ সম্পাদক কিষাণ চৌধুৰী ।
আনহাতে অসম বেছবলৰ বাবে ই সোণালী সুযোগ বুলি উল্লেখ কৰিলে বেছবল ছফ্টবল এছচিয়েচন অব আছামৰ সহকাৰী সম্পাদক তথা প্ৰশিক্ষক জোন দত্তই । ইয়াৰ যোগেদি ৰাজ্যখনৰ নৱপ্ৰজন্ম উৎসাহিত হ’ব বুলিও উল্লেখ কৰিলে তেওঁ । আনন্দৰ কথাটো হল যে, বেছবল ছফ্টবল এছচিয়েচন অৱ আছামৰ তত্বাৱধানত গঠিত এই ৰাইনো বেছবল ক্লাবক নেতৃত্ব দিব ভাৰতীয় বেছবল দলৰ অধিনায়ক গৌৰৱ চেংগাৰে ।
আগন্তুক সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন টুৰ্ণামেন্ট অসমতো অনুষ্ঠিত কৰাৰ সপোন পুহি ৰাখিছে বেছবল ছফ্টবল এছচিয়েচন অব আছামে।
উল্লেখযোগ্য যে, অনুশীলন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মুখ্য অতিথি ৰেলৱে বিভাগৰ মুখ্য বাণিজ্যিক প্ৰৱন্ধক লক্ষেশ্বৰ শইকীয়া, বেছবল ছফ্টবল এছচিয়েচন অব আছামৰ উপ-সভাপতি প্ৰদীপ হাজৰিকা, সাংগঠনিক সম্পাদক শান্তনু বৰগোঁহাইৰ লগতে বিষয়-ববীয়া সকল ।
ক্ৰীড়া প্ৰেমী ৰাইজে আশা কৰিব– ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য হৈ উঠক ৰাইনো বেছবল ক্লাব । স্ব-প্ৰতিভাৰে ৰাষ্ট্ৰীয় দলটো স্হান লাভ কৰক অসমৰ খেলুৱৈয়ে ।