Monday, October 3, 2022
HomeNewsনেশ্বনেল শ্বুটিং চেম্পিয়ন আৰু আইকিড'ৰ ব্লেক বেল্ট ৰাহুল গান্ধীজনক আমি কিমানে জানো!

নেশ্বনেল শ্বুটিং চেম্পিয়ন আৰু আইকিড’ৰ ব্লেক বেল্ট ৰাহুল গান্ধীজনক আমি কিমানে জানো!

ৰাহুল গান্ধী। কংগ্ৰেছ দলৰ ৰাজকুমাৰ। দেশৰ এগৰাকী যুৱ ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এসময়ৰ সম্পাদকজন সময়ে সময়ে চৰ্চালৈ আহে। নেতৃত্বৰ বিফলতাৰ বাবে বহুতৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে তেওঁ। আকৌ মাজে সময়ে বিৰোধীৰ দ্বাৰা ‘পাপু’ নামৰ কটাক্ষৰো সন্মুখীন হ’বলগীয়া হয় এইগৰাকী ৰাজনীতিবিদ। ৰাজনীতিৰ পথাৰত বৰ বেছি সফলতা লাভ নকৰিলেও ক্ৰীড়াত হয়টো সফলতাৰ উচ্চ শিখৰ চুমিব পাৰিলেহেঁতেন ৰাহুল গান্ধীয়ে। কিয়নো ৪৯ বছৰীয়া ৰাজনীতিবিদ গৰাকীৰ নামত আছে ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ খিতাপ। আজিৰ পৰা প্ৰায় ৩২ বছৰ আগতে গান্ধীয়ে ৩২ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ লাভ কৰে। ৰাহুল গান্ধীয়ে এই খিতাপ লাভ কৰে ২৫ মিটাৰ চেণ্টাৰ ফায়াৰ পিষ্টল ইভেণ্টত। প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল নতুন দিল্লীত ১৯৮৮ চনৰ ২৫ ডিচেম্বৰৰ পৰা ১৯৮৯ৰ জানুৱাৰীলৈ।

বিখ্যাত পিষ্টল শ্বুটাৰ য়ছপাল ৰানাৰ সৈতে ৰাহুল গান্ধী


ৰাহুল গান্ধী কেৱল এজন শ্বুটাৰেই নহয়। শ্বুটিঙৰ বাহিৰেও তেওঁ আইকিড’ নামৰ জাপানীজ মাৰ্চিয়েল আৰ্টৰ ব্লেক বেল্টৰ সন্মানো লাভ কৰিছে। ২০১৭ চনত তেওঁ এখন পুৰস্কাৰ বিতৰণী অনুষ্ঠানত অংশ লৈ এই কথা জানিবলৈ দিছিল। উক্ত অনুষ্ঠানত অলিম্পিক পদক বিজয়ী বিজেন্দৰ সিঙৰ এটা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কৈছিল যে খেল তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ নিতৌ এঘণ্টাকৈ খেলে। অৱশ্যে যোৱা কেইটামান মাহত তেওঁ এই অভ্যাস অনুসৰণ কৰিব পৰা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments