নেচনেল ক্ৰিকেট একাডেমীৰ হাইব্ৰিদ লেভেল-১ কোচিং চাৰ্টিফিকেট ক’ৰ্চ: আজি শেষ তাৰিখ পঞ্জীয়নৰ

অলিম্পিয়া প্ৰতিবেদন

নেচনেল ক্ৰিকেট একাডেমীৰ দ্বাৰা অনলাইন যোগে আয়োজন কৰা হৈছে হাইব্ৰীড লেভেল-১ কোচিং চাৰ্টিফিকেট ক’ৰ্চৰ। নেচনেল ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকসকলৰ দ্বাৰা আয়োজিত এই ক’ৰ্চত অংশগ্ৰহণ কৰিব পাৰিব দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিয়ে।

এই ক’ৰ্চত নিতৌ চাৰি ঘণ্টাৰ অনলাইন ক্লাছ তথা দুই ঘণ্টাৰ দৈনিক এছাইনমেণ্ট প্ৰদান কৰা হ’ব। লেভেল অ’ চাৰ্টিফিকেটপ্ৰাপ্ত, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ তথা খেলাৰ অভিজ্ঞতাসম্পন্ন আগ্ৰহী প্ৰশিক্ষকে এই ক’ৰ্চত অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলৰ ইংৰাজী তথা হিন্দী ভাষাৰ প্ৰাথমিক জ্ঞান থকাৰ লগতে কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থকাটো জৰুৰী।

আগ্ৰহী সকলে ২৫ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ আৱেদন সমূহ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত দাখিল কৰিবলৈ এক প্ৰেছ বিজ্ঞপ্তিযোগে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই জনাইছে। প্ৰথমেই আবেদন কৰাসকলে অগ্ৰাধিকাৰ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *