Wednesday, October 5, 2022
HomeNews২৩ মাৰ্চৰ পৰা ৰাষ্ট্ৰীয় চাইক্লিং প্ৰতিযোগিতা; অংশগ্ৰহণ কৰিব ২৩ খন ৰাজ্যৰ ৬০০...

২৩ মাৰ্চৰ পৰা ৰাষ্ট্ৰীয় চাইক্লিং প্ৰতিযোগিতা; অংশগ্ৰহণ কৰিব ২৩ খন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে;

https://olympiasports.in/

চাইক্লিং খেলৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰা আৰু টেপেছিয়াত প্ৰস্তাৱিত চাইক্লিং একাডমীটো গঢ়ি তোলাৰ এক পৰিবেশ সৃষ্টিৰ উদ্দেশ্যৰে চাইক্লিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সৌজন্যত ২৩ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ মহানগৰীৰ দাঁতিকাষৰীয়া টেপেছিয়াত অনুষ্ঠিত কৰা হৈছে ৭২ সংখ্যক ছিনিয়ৰ, ৪৯ সংখ্যক জুনিয়ৰ আৰু ৩৫ সংখ্যক ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতা। এই বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে অসম চাইক্লিং সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ তপন দাসে।

দেশৰ ২৩ খন ৰাজ্যৰ পুৰুষ মহিলা উভয়ৰে মুঠ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন টেপেছিয়াস্থিত লক্ষীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত থকা ভেল’দ্ৰমত অনুষ্ঠিত হ’ব।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক, অসম অলিম্পিক সন্থাৰ সম্পাদক তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰক মুখ্য উপদেষ্টা, চাইক্লিং সংস্থাৰ সভাপতি আই পি এছ বিষয়া হৰমিত সিঙক সাংগঠনিক সভাপতি আৰু চাইক্লিং সংস্থাৰ সম্পাদক ডাঃ তপন দাসক সাংগঠনিক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন প্ৰস্তুতি সমিতি গঠন কৰা।হৈছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে অসমত অনুষ্ঠিত হৈছিল তৃতীয় খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। দেশৰ এই বৃহৎ প্ৰতিযোগিতাখনত ১০ হাজাৰ খেলুৱৈ তথা অফিচিয়েল টেকনিকেলে অংশগ্ৰহণ কৰিছিল। বৃহৎ প্ৰতিযোগিতাখন সফল সমাপ্তিৰ পিছতেই আকৌ অহাটো বছৰৰ নৱেম্বৰ মাহত গুৱাহাটীত ফিফাৰ ১৭ বছৰ অনূৰ্ধ্বৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। ইয়াৰ মাজতেই আকৌ ৰাষ্ট্ৰীয় চাইক্লিং প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ এই খবৰৰ লগতে মহানগৰীত শেহতীয়াকৈ গঢ় লৈ উঠা এনে ক্ৰীড়াৰ পৰিবেশে ক্ৰীড়া প্ৰেমিলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments