Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় ফুটবল শিবিৰলৈ লখিমপুৰৰ আলবিছ

ৰাষ্ট্ৰীয় ফুটবল শিবিৰলৈ লখিমপুৰৰ আলবিছ

অলিম্পিয়া প্ৰতিবেদন

১৭ বছৰ অনূর্ধ্ব ভাৰতীয় ফুটবল শিবিৰলৈ লখিমপুৰ জিলাৰ এগৰাকী খেলুৱৈয়ে নিমন্ত্রণ লাভ কৰাত জিলাখনৰ ক্রীড়ামহলক আনন্দিত কৰিছে । লখিমপুৰ জিলা ক্রীড়া সন্থাৰ ফুটবল সম্পাদক ভাস্কৰ চাবুকধৰাই জানিবলৈ দিয়া মতে যােৱা বৰ্ষৰ ২৭, ২৮ আৰু ২৯ অক্টোবৰত যােৰহাটত সর্বভাৰতীয় ফুটবল ফেডাৰেচনে অসম ফুটবল সন্থাৰ সহযােগত অনুষ্ঠিত কৰা স্কাউটিং শিবিৰত লখিমপুৰ জিলাৰ পৰা প্ৰেৰণ কৰা লালুক বিশ্রামপুৰৰ মাশ্বেল বাৰলা আৰু হালিয়ানি বাৰলাৰ পুত্র আলবিছ বালাই
শেহতীয়াকৈ গােৱাত চলি থকা ১৭ বছৰ অনূর্ধ্ব ভাৰতীয় জাতীয় দলৰ শিবিৰলৈ আমন্ত্রণ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । আলবিছ বাৰলাৰ এই সফলতাত জিলা ক্রীড়া সন্থাৰ ভাৰপ্রাপ্ত সভাপতি মুকুল হাজৰিকা আৰু
সাধাৰণ সম্পাদক আলােক গগৈৰ লগতে সন্থাৰ সকলাে বিষয়ববীয়াই আনন্দ প্রকাশ কৰাৰ লগতে খেলুৱৈজনক
অভিনন্দন জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments