অসমৰ খেলুৱৈৰ বাবে সুখবৰ! মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিলে এই সুখবৰ

অলিম্পিয়া প্রতিবেদন

অসমৰ খেলুৱৈৰ বাবে সুখবৰ। এই সুখবৰ কঢ়িয়াই আনিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি বিধানসভাৰ অধিৱেশনত কৰা এটা বিশেষ ঘোষণাই খেলুৱৈসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনিছে। এতিয়াৰে পৰা নেচনেল গেমছত পদক কঢ়িয়াই অনা সকলো খেলুৱৈয়ে লাভ কৰিব চাকৰি। নেচনেল গেমছত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰা সকলো খেলুৱৈকে ৰাজ্য চৰকাৰে চাকৰি প্ৰদান কৰিব বুলি আজি বিধানসভাৰ অধিৱেশনত ডঃ শৰ্মাই ঘোষণা কৰিছে। তাৰোপৰি ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত প্ৰাক্তন খেলুৱৈসকলক মাহিলী ৮,০০০ টকাকৈ পেঞ্চন প্ৰদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *