Friday, May 20, 2022
HomeNewsক্ৰীড়াপ্ৰেমীৰ বাবে দুঃখবৰ: অনিৰ্দিষ্টকাললৈ স্থগিত ৰাষ্ট্ৰীয় ক্ৰীড়া,২০২০

ক্ৰীড়াপ্ৰেমীৰ বাবে দুঃখবৰ: অনিৰ্দিষ্টকাললৈ স্থগিত ৰাষ্ট্ৰীয় ক্ৰীড়া,২০২০

অলিম্পিয়া বাৰ্তা

কৰোনাই বিধ্বস্ত কৰা সময়ৰ মাজত দেশৰ ক্ৰীড়া অনুৰাগীৰ বাবে পুনৰ এক হতাশজনক খবৰ। অনির্দিষ্টকাললৈ স্থগিত হৈছে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

এই বৰ্ষৰ ২০ অক্টোবৰৰ পৰা ৪ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাষ্ট্ৰীয় ক্ৰীড়া। কিন্তু ৰাজ্যখনত বাঢ়ি অহা কৰোনাৰ সংক্ৰমণৰ বাবে বৃহস্পতি বাৰে প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ আগেয়ে ভাৰতীয় অলিম্পিক সন্থাই গোৱা চৰকাৰক নিৰ্দিষ্ট সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও বৃহস্পতিবাৰে অলিম্পিক সন্থাই প্ৰতিযোগিতাখন স্থগিত ৰাখিবলৈ বাধ্য হয়।

” ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজক সমিতিয়ে কোভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ক্ৰীড়াখনি স্থগিত ৰখাৰ সিদ্ধান্ত লয়। ” এই কথা ব্যক্ত কৰে গোৱাৰ উপ মুখ্যমন্ত্ৰী তথা ক্ৰীড়া বিভাগৰো দায়িত্বত থকা মনোহৰ (বাবু) আজগাউকাৰে।

“কমিটিয়ে ছেপ্টেম্বৰৰ শেষৰ ফালে পৰৱৰ্তী দিনাংকৰ কথা ঘোষণা কৰিব। গোৱা চৰকাৰে এই ক্ষেত্ৰত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। ” তেওঁ লগতে কয়।

উল্লেখযোগ্য যে শেষবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল কেৰালাত ২০১৫ চনত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments