গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ

অলিম্পিয়া প্রতিবেদন

গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সুকলমে অসমে ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পিছত পুনৰ বাৰ অসমে এই সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে, ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ ভিন্ন ৰাজ্যৰ প্ৰায় ১৬০০ প্ৰতিযোগীয়ে অংশ লৈছিল। ক’ভিড কিছু পৰিমাণে হ্ৰাস হোৱাৰ পিছতে প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰিছিল অসম এথলেটিকছ সন্থাই। তাৰেই সুবাদত দেওবাৰে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ভাৰতীয় এথলেটিক ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সভাত অসমক পুনৰ বাৰ এই সুবিধা প্ৰদান কৰা হয়। ১৪, ১৬, ১৮ আৰু ২০ বছৰ অনুর্ধৰ হ’বলগীয়া এই প্ৰতিযোগিতাত এইবাৰ প্ৰায় ২,০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ কথা।

অহা ১৯ ছেপ্টেম্বৰত গুৱাহাটীত অসম এথলেটিক সন্থাই ৩৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰাৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়।

প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে অসমক পুনৰ বাৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে ভাৰতীয় এথলেটিক সন্থাক ধন্যবাদ জ্ঞাপন কৰিছে অসম এথলেটিক সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে। প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰিবলৈ সন্থা দৃঢ় প্ৰতিজ্ঞ বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *