Thursday, September 29, 2022
HomeNewsসন্মুখত ৰাষ্ট্ৰীয় জুনিয়ৰ আৰ্টিষ্টিক জিমনাষ্টিকচ চেম্পিয়নশ্বিপ ।অসম দলটো ঘোষনা ৷

সন্মুখত ৰাষ্ট্ৰীয় জুনিয়ৰ আৰ্টিষ্টিক জিমনাষ্টিকচ চেম্পিয়নশ্বিপ ।অসম দলটো ঘোষনা ৷

অলিম্পিয়া প্ৰতিবেদন

৫৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ আৰ্টিষ্টিক জিমনাষ্টিকচ চেম্পিয়নশ্বিপ অংশগ্ৰহণ কৰিবলগীয়া অসম দলটো ঘোষনা কৰা হৈছে৷ অসম জিমনাষ্টিকচ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে মংগলবাৰে এই কথা অবগত কৰে৷

মেন আৰ্টিষ্টিক জিমনাষ্টিকচত ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে জয়জিত বনিক, ঔম ছেত্ৰী, পিয়ুষ আগৰৱাল, হৰ্ষজোতি উজীৰ আৰু উদিপ্ত বৰা৷ সাধাৰণ সম্পাদক বৰুৱাই জনোৱা অনুসৰি একেখন সন্মানীয় প্ৰতিযোগিতাৰ মহিলাৰ আৰ্টিষ্টিক জিমনাষ্টিকচ দলটোত স্থান লাভ কৰিছে অদিতি টোডী, অন্বেষা গোস্বামী, মল্লিকা ৰাংশাল,আৰট্ৰিকা বৰুৱা আৰু ক’ষিষ আগৰৱাল৷ আনহাতে, প্ৰতিয়োগিতাখনৰ ৰিদমিক জিমনাষ্টিকচ শাখাত অসমক প্ৰতিনিধিত্ব কৰিব উপাসা তালুকদাৰ, অৱন্তিকা দাস আৰু জয়া স্বৰগীয়াৰীয়ে৷

অসম দলটোৰ মেন আৰ্টিষ্টিক জিমনাষ্টিকচ দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে অমৰ নাথে৷ মহিলা আৰ্টিষ্টিক জিমনাষ্টিকচ দলটোৰ প্ৰশিক্ষকৰূপে আলিসা খান নিযুক্ত হোৱাৰ বিপৰীতে ৰিডমিক জিমনাষ্টিকচৰ অসম দলটোৰ প্ৰশিক্ষক নিযুক্ত হৈছে ইভা দত্ত৷ উল্লেখনীয় যে জম্মুত আগন্তুক ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments