Wednesday, July 6, 2022
HomeNewsনলবাৰীৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰ্দশা; পদপথত পান দোকান দি জীৱন নিৰ্বাহ

নলবাৰীৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰ্দশা; পদপথত পান দোকান দি জীৱন নিৰ্বাহ

✍️ নলবাৰীৰ পৰা মজিবুৰ ৰহমান


এগৰাকী ৰাষ্ট্ৰীয় সাতোৰবিদে ফুটপাথত পান দোকান দি জীৱন নিৰ্বাহ কৰিব লগীয়া হোৱা ঘটনাই ক্ৰীড়ানুৰাগী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নলবাৰী চহৰৰ বিষ্টুপুৰ খাট নিবাসী কালীন্দ্ৰ হালৈয়ে সুদীৰ্ঘ বছৰে সাতোৰ খেলৰ সতে জড়িত হৈ থাকি এতিয়া ফুটপাথত পান দোকান দি জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে । ১৭ বাৰকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় সাতোৰ খেলত অংশ গ্ৰহণ কৰিছিল কালীন্দ্ৰ হালৈয়ে । আনকি ব্ৰহ্মপুত্ৰত ১০ কি:মি: সাতোৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সুনাম কঢ়িয়াইছিল হালৈয়ে ।

লক্ষনীয়ভাবে নলবাৰী চহৰৰ গোপাল বজাৰৰ পদপথত পান দোকান দি জীৱন নিৰ্বাহ কৰি অহা ৰাষ্ট্ৰীয় সাতোৰবিদ গৰাকীক পুৰ্বৰ ক্ৰীড়া বিভাগৰ উপ সঞ্চালক গৰাকীয়ে ক্ৰীড়া সঞ্চালক কাৰ্যালয়ত পিয়ন চাকৰি এটা কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ঘৰুৱা কৰ্মচাৰী হিচাপে কামত ব্যৱহাৰ কৰি অহাৰ পৰিনতিত কালীন্দ্ৰই হেৰুৱাইছিল হাতৰ আঙুলি । তাৰ পিছতো চৰকাৰ প্ৰশাসনে কালীন্দ্ৰক গুৰুত্ব নিদিলে । আৰু অবশেষত এতিয়া পদপথত পান দোকান দি পৰিয়াল পোহপাল দি আহিব লগীয়া হৈছে কালীন্দ্ৰই । দৰিদ্ৰতাই কোঙা কৰা কালীন্দ্ৰই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু নলবাৰী সমষ্টিৰ বিধায়ক গৰাকীলৈ কাতৰ আহ্বানেৰে তেওঁ বঞ্চিত হোৱা চাকৰিটো দি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments