Tuesday, October 4, 2022
HomeNewsনেচনেল মাউণ্টেইন বাইক চেম্পিয়নশ্বিপত উত্তৰ-পূবৰ চাইক্লিষ্টৰ সফলতা

নেচনেল মাউণ্টেইন বাইক চেম্পিয়নশ্বিপত উত্তৰ-পূবৰ চাইক্লিষ্টৰ সফলতা

উত্তৰাখণ্ডত যোৱা ২০ ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ১৬ সংখ্যক নেচনেল মাউণ্টেইন বাইক চেম্পিয়নশ্বিপত অসমৰ লগতে উত্তৰ-পূবৰ চাইক্লিষ্টসকলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ ইছমামূল হকে(২৫) ডাউনহিল মেনছ ইলাইট শাখাত স্বৰ্ণ কৰাৰ বিপৰীতে মেনছ ইলাইট শাখাতেই মেঘালয়ৰ অপাই গ্ৰিফিট নিয়াংটিয়ে ৰূপৰ পদক লাভ কৰে। ইফালে মণিপুৰৰ খুন্দ্ৰাকপাম ৰ’নেল সিঙে(১৮) এক্স টি চি মেনছ জুনিয়ৰ আৰু এক্স চি অ’ মেনছ জুনিয়ৰ উভয় শাখাত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। তাৰোপৰি অসমৰ আন এজন প্ৰতিভাৱান চাইক্লিষ্ট মালভ দত্তই (১৪) এক্স চি টি য়ুথ বইজ আৰু এক্স চি অ’ য়ুথ বইজ উভয় শাখাতে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত আইনুছ আলি আৰু আহ’ণ্ডা মেনজ’ই বিশেষ পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনৰ বাবে অসমৰ খেলুৱৈসকলক শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত স্থানীয় চাইক্লিঙ চেম্পিয়নশ্বিপত কৰা প্ৰদৰ্শনৰ ভিত্তিত অসম চাইক্লিঙ এছোচিয়েচনে নিৰ্বাচিত কৰি পঠিয়ায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments