অলিম্পিয়া প্ৰতিবেদন
অসমত উপস্থিত নেচেনল নেটবল ডেভেলপমেণ্ট কমিটিৰ অধ্যক্ষ হৰিওম কৌশিক। তিনিদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ অহা নেটবল ডেভেলপমেণ্ট কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী বুধবাৰে ডিব্ৰুগড়ত আহি উপস্থিত হয়। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে অসম তথা উত্তৰ পূবৰ আন ছয়খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত নেটবলৰ সামগ্ৰিক পৰিৱেশৰ বুজ লব।
উত্তৰ-পূবত নেটবলৰ বিকাশৰ ক্ষেত্ৰত কেনেদৰে সঠিক পৰিকল্পনাৰে আগবাঢ়িব পৰা যায় সেই বিষয়েও অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হব অধ্যক্ষ হৰিওম কৌশিক। এই ভ্ৰমণসূচীৰ আন এক উদ্দেশ্য হৈছে কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ কল্যাণৰ বিশেষ কাৰ্যসূচী এক ভাৰত শ্ৰেষ্ঠ ভাৰতত নেটবলৰ অন্তর্ভূক্তি সম্পৰ্কে সজাগতা সৃষ্টি।
বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৌশিকে কয় যে ২০২২ ত অনুষ্ঠিত হ’বলগীয়া এছিয়ান ইনড’ৰ গেমছত ছোৱালী শাখাত নেটবল অন্তৰ্ভুক্ত হৈছে। তাৰ বাবে এক দহদিনীয়া প্ৰস্তুতি শিবিৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ’ব।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ কালছোৱাত ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক সহযোগ কৰিব অসম নেটবল সন্থাৰ সম্পাদক বিৰ্জু ৰাম, নেটবল সন্থাৰ যুটীয়া সম্পাদক পিকলু ৰয়, কোষাধক্ষ বিপিন চন্দ্ৰ শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক ৰাতুলমণি মহন্ত, অসম অলিম্পিক সন্থাৰ কাৰ্যবাহী সদস্য চিত্ৰ কুমাৰ বৰা আৰু দ্বীপ বৰা। লগতে অঞ্চলটোৰ বিশিষ্ট ক্রীড়া সংগঠক মনোৰঞ্জন হাজৰিকা, মোহন বৰগোহাই, ৰমেশ বৰুৱা, দেৱনাথ গোৱালা আৰু অংকিত মহন্তই।