Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক : আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি...

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক : আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি হোৱাৰ সম্ভাৱনা

অলিম্পিয়া প্ৰতিবেদন

উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি । কলিংগ ষ্টেডিয়ামত অসমৰ পেৰা খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।
ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয় নিচান । অৰ্জন কৰিলে স্বৰ্ণসহ মুঠ পাঁচটাকৈ পদক ।

বিগত মাহৰ ২৮ ৰ পৰা ৩১ মাৰ্চলৈ উৰিষ্যাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰত অনুষ্ঠিত হ’ল ২০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ । দেশৰ ২৯ খন ৰাজ্যৰ প্ৰায় ৯০০ প্ৰতিযোগীয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত
অসমৰ পৰা অংশ ল’লে ৭ জনীয়া পেৰা এথলীটৰ দলে । অসমক প্ৰতিনিধিত্ব কৰা দলটোৱেও ট্ৰেকত দেখুৱালে পৰাক্ৰম । অসমৰ দুগৰাকী পেৰা এথলীটে আজুৰি আনিলে ৫ টাকৈ পদক । ইয়াৰে ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক । চিৰঞ্জীতা ভৰালীয়ে লং জাম্পত ১ টা স্বৰ্ণ, ১০০ মিটাৰ দৌৰত ১ টা ব্ৰঞ্জ, আৰু ২০০ মিটাৰত লাভ কৰিছে ১ টা ব্ৰঞ্জসহ মুঠ ৩ টা পদক । সেইদৰে , আনিস্মিতা কোঁৱৰে ১০০ মিটাৰত স্বৰ্ণ আৰু ৪০০ মিটাৰত দখল কৰিছে ৰূপৰ পদক । স্বৰ্ণজয়ী আনিস্মিতাৰ টাইমিং আছিল অতি সন্তোষজনক । মাত্র ১৭.৮১ ছেকেণ্ডত সাফল্য লাভ কৰিছে কণমাণি পেৰা দৌৰবিদ গৰাকীয়ে । যিহেতু,অক্টোবৰত চীনত অনুষ্ঠিত হ’ব লগা আগন্তুক এছিয়ান পেৰা গেমছৰ বাবে প্ৰয়োজনীয় সময় আছিল ১৮.০০ ছেকেণ্ড । সেয়েহে, এছিয়ান পেৰা গেমছলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পালে আনিস্মিতাৰ বাবে ।
এই দলটোৰ মেনেজাৰৰ দায়িত্বত আছিল তিলক ভৰালী আৰু ভেটাৰ্ণ আন্তঃৰাষ্ট্ৰীয় এথলীট কুঞ্জলতা গগৈ । দলটোৰ এই সাফল্যত শুভেচ্ছা জনাইছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে’ই ।

উল্লেখযোগ্য যে এই সাফল্যৰ সহিতে অসমৰ পেৰা খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত পৃথক গেমছত এই পৰ্যন্ত অৰ্জন কৰিলে মুঠ ১৮ টাকৈ পদক । ইয়াৰে, ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত ৯ টা পদক, পেৰা বচ্চিয়াত ৩ টা, পেৰা বেডমিণ্টনত ১ টা আৰু শেহতীয়াকৈ পেৰা এথলেটিকছত লাভ কৰিলে ৫ টা পদক ।

ক্ৰীড়া অনুৰাগীৰ আশা- – বিশ্বমুখী হওক অসমৰ পেৰা খেলুৱৈৰ বিজয় যাত্রা । আনিস্মিতাৰ এছিয়ান পেৰা গেমছলৈ যোৱাৰ পথ প্ৰশস্ত হওক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments