✍️ মনোজ কুমাৰ দাসৰ প্ৰতিবেদন
তেলেংগানাত উৰিল অসমৰ বিজয় ধ্বজা ।অসমীয়াৰ স্বাভিমানী গামোচা প্ৰৰ্দশন কৰি এজাক উদীয়মান খেলুৱৈৰ বিজয়ী উল্লাস । মুখত জয় আই অসম ধ্বনি । ৰাষ্ট্ৰীয় টং- ইল- মুডোত জিলিকিল অসমৰ সমৰকলা খেলুৱৈ ।
বিগত ২৪ ৰ পৰা ২৬ ডিচেম্বৰলৈ হায়দৰাবাদৰ তেলেংগনা চহৰত ভাৰতীয় টং ইল মুডো সন্থাৰ অধীনত সপ্তম ৰাষ্ট্ৰীয় টং -ইল-মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ছাব জুনিয়ৰ, জুনিয়ৰ , ছিনিয়ৰ আৰু কেডেট শাখাত এই খেলখনত অংশ ললে অসমৰ ৫৫ গৰাকী খেলুৱৈয়ে। ল’ৰা- ছোৱালীৰ এই দলটোৰ নেতৃত্বত আছিল আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈ । অসমৰ খেলুৱৈয়ে তেলেংগানাত দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন । ৮ টা স্বৰ্ণ,১২টা ৰূপ আৰু ১০ টা ব্ৰঞ্জ অৰ্জনেৰে অসমলৈ কঢ়িয়াই আনিছে সুনাম ।
স্বৰ্ণ অৰ্জনে গৌৰৱ কঢ়িয়াই আনিছে কুইন দেৱী, জুনন্যা বৰুৱা, নিলাক্ষী দেৱী, ভায়লিনা তালুকদাৰ, ৰিকিৰাজ ডেকা, প্ৰিয়ংকা বৰ্মন, বিচিত্ৰা ৰয় আৰু মধুস্মিতা বায়নে ।ৰূপৰ পদক লাভ কৰিছে সত্যজিৎ লস্কৰ,মৌচুমী ডেকা, মৃন্ময় ডেকা, নৱ কান্ত ডেকা, বিউটি দাস বিশ্বাস, হিমাংশু নাথ, জিত মালাকৰ, দিকুমণি ডেকা, বৃন্দাবন ৰয়, মানসী বৰ্মন, পূজা বৰ্মন আৰু ভণিতা দেৱীয়ে ।সেইদৰে নয়ন জ্যোতি বৰদলৈ, মৃগঙ্গা ময়ূৰ তালুকদাৰ, দিগন্ত শৰ্মা, মনদীপ মালাকৰ, নয়ন মেধি, ৰাতুল মেধি, প্ৰিয়ংকা নাথ, জগদীশ ৰয়, ৰণিত ধৰ, নিলাক্ষী দেৱীয়ে অৰ্জন কৰিছে ব্ৰঞ্জ ।
লগতে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পৰা যোৱা ৯ জন প্ৰশিক্ষকে ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে । তেওঁ লোক হল – অশোক বৰ্মন,অভি দেউৰী, অনামিকা ওজা, বিমল দাস, অজয় বিশ্বাস,জয়ন্ত ঠাকুৰীয়া, সঞ্জয় শৰ্মা, নৱ জ্যোতি শৰ্মা, সীমান্ত দাস । তদুপৰি অসম দলে লাভ কৰিছে তৃতীয় শ্ৰেষ্ঠ দল ।
সকলো খেলুৱৈ তথা ৰেফাৰীসকললৈ অভিনন্দন জ্ঞাপন কৰিছে টং ইল মু ডো সন্থাৰ অসমৰ কাৰ্য্যকৰী সভাপতি পংকজ কুমাৰ দাস আৰু সন্থাৰ সভাপতি চন্দন কুমাৰ নাথে ।খেলুৱৈসকলৰ এই সাফল্যত আনন্দিত প্ৰশিক্ষক ধৰ্মেশ্বৰ হালৈ । অনাগত প্ৰতিযোগিতা সমূহৰ বাবে অসমবাসীৰ পৰা বিচাৰিলে আৰ্শীবাদ ।
উল্লেখযোগ্য যে, টং ইল মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাখন আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতি প্ৰাপ্ত খেল । ক্ৰীড়া প্ৰেমীৰ আশা অসম দলৰ এই বিজয় ধাৰা অব্যাহত থাকক।স্ব-প্ৰতিভাৰে অনাগত প্ৰতিযোগিতাসমূহতো দপদপাই থাকক এইসকল উদীয়মান প্ৰতিভা ।