ৰাষ্ট্ৰীয় সুদক্ষ ভলীবল খেলুৱৈ তথা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জুমন কলিতা আৰু অন্যান্য কিছুকথা

✍️নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

ক্ৰীড়াকে জীৱনৰ ব্ৰত হিচাপে লোৱা, ক্ৰীড়া এক নিচাহত পৰিণত হোৱা তেজপুৰ কেতেকীবাৰীৰ জুমন কলিতাৰ জন্ম হৈছিল ২৮-০১-১৯৯৫ চনত। দেউতাকৰ নাম প্ৰয়াত বিমল কলিতা আৰু মাকৰ নাম লক্ষীমনি কলিতা। ২০০৫ চনৰ পৰা বৰ্তমানলৈ ভলীবল খেলৰ লগত জড়িত হৈ থাকি বিভিন্ন তিতা-কেহা অভিজ্ঞতাৰে পুষ্ট জুমনৰ আছে ক্ৰীড়াৰ এক স্বৰ্ণীল যাত্ৰা। ২০০৫ চনত ভলীবলটো হাতত তুলি লৈ তেওঁ ২০০৮ চনত ধেমাজিত অনুষ্ঠিত হোৱা আন্তঃ জিলা মিনি ভলীবল প্ৰতিযোগিতাত তেজপুৰ জিলা দলক প্ৰতিনিধিত্ব কৰে। এয়াই আছিল তেওঁৰ ভলীবল যাত্ৰাৰ আৰম্ভণী।

ইয়াৰ পিছত তেওঁ আৰু পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। পৰ্য্যায়ক্ৰমে ইখনৰ পিছত সিখন ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰ দলৰ হৈ অংশ গ্ৰহন কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ সুবাদতে তেওঁ ২০১০ চনত ছাৱ-জুনিয়ৰ নেচনেল, ২০১২ চনত জুনিয়ৰ নেচনেল, ২০১৬ চনত ইউথ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ উপৰিও ২০১৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। ২০১৮ চনত আন্তঃ বিশ্ববিদ্যালয় ভলীবল প্ৰতিযোগিতাত ৰানাৰ্চআপ আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰা জুমনে একমাত্ৰ ক্ৰীড়াক ভাল পোৱাৰ স্বাৰ্থতে অইন বিষয় নপঢ়ি ২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি পি এড ডিগ্ৰী আৰু ২০২১ চনত এল এন আই পিৰ পৰা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ভলীবলৰ এন আই এছ পাঠ্যক্ৰম পঢ়াৰ বাবে মনতে আশা পুহি ৰাখিছে যদিও একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবে তেওঁ আশা পূৰণ কৰিব পৰা নাই। সূদীৰ্ঘ সময় ক্ৰীড়া আৰু পঢ়াত ব্যাস্ত থকা জুমনৰ এতিয়া চলি থাকিবলৈও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। আৰ্থিক অনাটনত ভুগি থাকি ক্ৰীড়াক আগবঢ়াই নিয়াটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে। তথাপিও তেওঁ যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলপথাৰ এৰি দিয়া নাই। পুৱা-গধুলি খেলুৱৈ সকলৰ লগত লাগি থকাটো তেওঁৰ অভ্যাসত পৰিণত হৈছে। ক্ৰীড়াৰ লগত লাগি থাকিয়েই তেওঁ হেজাৰ দুখ কষ্ট পাহৰি থাকে। প্ৰতিভাৱান খেলুৱৈ সকলক সূপৰিকল্পিত ভাৱে আগুৱাই লৈ যোৱাটো তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্য জ্ঞান কৰি আহিছে। জুমনৰ দৰে বহুতেই ক্ৰীড়া বিষয়ত ডিগ্ৰী লৈ চাকৰি নোহোৱা বাবে ঘৰতে বহি-ঘুমাই পাৰ কৰি আহিছে মূল্যৱান সময়। তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি অনিহা আহি পৰিছে। অনিহা অহা কথাটো একো অস্বাভাৱিক কথা নহয়। এওঁলোকে জীৱনৰ আধা সময় ক্ৰীড়াতে খৰছ কৰিছে। ক্ৰীড়া কৰি নিজেই জীৱন জীৱিকাৰ পথ নোপোৱা এই সকলে, খেলুৱৈ সকলক খেল পথাৰলৈ উলিয়াই আনি ৰিস্ক ল’ব নোখোজে।

জীৱনটো ক্ৰীড়া কৰি কি পালি বুলি কাৰোবাৰ প্ৰশ্নৰ সন্মুখীন হ’ব পৰা উত্তৰ তেওঁলোকৰ হাতত নাই। সেয়েহে দুখে বেজাৰে নিজক লুকুৱাই ঘৰতে সুমাই থাকিবলগীয়া হৈছে। এই দুখ, বেজাৰ জুমনৰো নথকা নহয় কিন্তু কিবা এক গভীৰ আশাত তেওঁ বন্দী হৈ পৰিছে। যাৰ বাবে তেওঁ তেজপুৰ ভলীবল ক’চিং চেণ্টাৰত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। ২০১০ চনত ছাৱ-জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা অসমৰ ল’ৰাৰ দলটোৰ তেওঁ প্ৰশিক্ষক আছিল। ২০১০ চনত আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেজপুৰ চেম্পিয়ন দলটোৰ তেওঁ প্ৰশিক্ষক আছিল। ২০২০ আৰু ২০২১ চনৰ তেজপুৰ জুনিয়ৰ দল দুটাৰো তেওঁ প্ৰশিক্ষকৰ ভুমিকা পালন কৰিছিল। ক্ৰীড়াৰ উন্নতিৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে। এদিনতে এজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত উন্নত প্ৰদৰ্শন ডাঙি ধৰিব নোৱাৰে। ইয়াৰ বাবে লাগিব সূপৰিকল্পিত, বিজ্ঞান সন্মত, দীৰ্ঘকালীন আঁচনি। খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰা, যি খেল খেলিলে খেলুৱৈ গৰাকীয়ে লাভৱান হ’ব পাৰে তেনে খেলুৱৈ বিভিন্ন ইভেন্টৰ বাবে নিৰ্বাচন কৰা, প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি কৰা, ঠায়ে ঠায়ে একাডেমী গঢ়ি তোলা, খেলুৱৈ সকলৰ সূনিশ্চিত ভবিষ্যৎ নিৰুপন কৰা, বিদ্যালয় সমূহত শাৰীৰিক শিক্ষা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা ইত্যাদি অনেক কথাই আঁচনি খনত সামৰি ল’ব লাগিব। তেতিয়াহে ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ় দিব পৰা যাব আৰু অসম ক্ৰীড়াৰ ৰাজধানী হৈ পৰিব।

অসমত জুমন কলিতাৰ দৰে বহুতো ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ আছে বা ক্ৰীড়াৰ ভালেমান ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ আছে। তেওঁলোকে খেলুৱৈ সকলক ক্ৰীড়াৰ পোহৰ বিলাই দি নিজেই অন্ধকাৰত ডুবি থাকিবলগীয়া হৈছে একমাত্ৰ কৰ্মসংস্থাপনৰ অভাৱত। খেলৰ গুৰু সকলেই যেতিয়া নিজৰ জীৱনটোক লৈ চিন্তা কৰিবলগীয়া হয়, তেতিয়া হলে ছাত্ৰ সকলৰ কি অৱস্থা হ’ব পাৰে সেয়া সহজে অনুমেয়। এই বিলাক কাৰণতে খেলুৱৈ সকলে বৰ্তমান সময়ত খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বা অভিভাৱক সকলেওঁ নিজৰ ল’ৰা-ছোৱালীক খেলিবলৈ উৎসাহিত নকৰে। যাৰ ফলত অসমৰ ক্ৰীড়া এতিয়াও ধেমালীৰ বস্তু হৈয়ে আছে।

চৰকাৰলৈ বিনম্ৰ অনুৰোধ যোগ্যতা ভিত্তিত শাৰিৰীক নিৰ্দেশক, প্ৰশিক্ষক, ৰাষ্ট্ৰীয় খেলুৱৈ তথা ক্ৰীড়া সংগঠক সকলক কৰ্ম সংস্থাপনৰ সুবিধা কৰি দি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰাত উল্লেখ্যযোগ্য পদক্ষেপ গ্ৰহন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *