মহিলা খেলুৱৈক বলাৎকাৰৰ অভিযোগ অৰ্জুন বিজয়ী চি আৰ পি এফ বিষয়াৰ বিৰুদ্ধে

অলিম্পিয়া প্ৰতিবেদন

দেশৰ এগৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলিটে অৰ্জুন বিজয়ী চি আৰ পি এফৰ বিষয়া এজনৰ বিৰুদ্ধে বলাৎকাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চি আৰ পি এফত কৰ্মৰত মহিলাগৰাকীয়ে অনা অভিযোগ অনুসৰি চি আৰ পি এফৰে শীৰ্ষস্থানীয় দুগৰাকী বিষয়াই তেওঁক নিৰন্তৰভাৱে যৌন নিৰ্যাতন চলাই আহিছে।

বিষয়া দুজন হৈছে ক্ৰমে খাজন সিং আৰু সুৰজিৎ সিং। ইয়াৰে খজন সিং হৈছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। ছিউলত অনুষ্ঠিত এছিয়ান গেমছত খজন সিঙে দেশৰ বাবে ৰূপৰ পদক কঢ়িয়াই আনিছিল। তাৰেই ফলশ্ৰুতিত খজন সিঙে লাভ কৰিছিল চি আৰ পি এফৰ উচ্চ পদবীত চাকৰি।

চি আৰ পি এফত কনিষ্টবল হিচাবে কৰ্মৰত মহিলা খেলুৱৈৰ মতে খজন সিঙকে ধৰি এই দুই বিষয়াই দীৰ্ঘদিন ধৰি বাহিনীটোৰ আন আন মহিলা বিষয়াৰ ওপৰতো যৌন নিৰ্যাতন চলাই আহিছে।

নতুন দিল্লীৰ এটা ফ্লেটত অভিযোগকাৰী মহিলা খেলুৱৈগৰাকীক তিনি দিন ধৰি আবদ্ধ কৰি ৰাখি উপৰ্যপূৰি বলাৎকাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে, মহিলা গৰাকীয়ে দিল্লীৰ হৰিদাস নগৰ থানাত বিষয়া দুজনৰ বিৰুদ্ধে গোচৰ তৰিছে।

খবৰ অনুসৰি, দুয়োগৰাকী বিষয়াৰ ওপৰত তদন্ত কৰিবলৈ এখন কমিটি গঠন কৰি দিছে চি আৰ পি এফ কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *