Friday, September 30, 2022
HomeNewsনেটফ্লিক্সত এইবাৰ ব্ৰাজিলৰ বিখ্যাত ফুটবলাৰ নেইমাৰৰ জীৱন ভিত্তিত নিৰ্মিত তথ্যচিত্ৰ

নেটফ্লিক্সত এইবাৰ ব্ৰাজিলৰ বিখ্যাত ফুটবলাৰ নেইমাৰৰ জীৱন ভিত্তিত নিৰ্মিত তথ্যচিত্ৰ

অলিম্পিয়া প্ৰতিবেদন

নেটফ্লিক্সত এইবাৰ ব্ৰাজিলৰ বিখ্যাত ফুটবলাৰ নেইমাৰৰ জীৱন ভিত্তিত নিৰ্মিত তথ্যচিত্ৰ । অৱশ্যে এয়া কোনো নতুন বিষয় নহয় যদিও ক্ৰীড়াপ্ৰেমীৰ বাবে ই অত্যন্ত সুখবৰ । ২০১৪ চনত আৰ্জেণ্টিনাৰ লিয়’নেল মেছি, ২০১৫ চনত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডো ,২০১৮ চনৰ ইংলেণ্ডৰ ষ্টিভেন জেৰাৰ্ড, ৱেইন ৰুনিকে ধৰি বহু কেইজন তাৰকা ফুটবলাৰৰ জীৱনক লৈ ইতিমধ্যে তথ্যচিত্ৰ নিৰ্মাণ হৈছে যদিও নেইমাৰ বাদ পৰি আছিল সেই তালিকাৰ পৰা । কিন্তু বৰ্তমান সময়ত নেটফ্লিক্সে লৈ আহিছে এক আশাৰ বতৰা । নেইমাৰৰ জীৱনক লৈ নেটফ্লিক্সত আৰম্ভ হ’ব তিনিটা খণ্ডৰ ছিৰিজ । উল্লেখযোগ্য যে ক্ৰীড়াবিদক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ হিন্দী ছবি জগতটো আমি বহু সময়ত দেখিবলৈ পাওঁ । ইয়াৰ উদাহৰণ হিচাপে ২০০১ চনত নিৰ্মাণ হোৱা ‘লগন’ য’ত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা আমিৰ খানে । সুশান্ত সিং ৰাজপুতৰ দ্বাৰা অভিনীত ‘এম এছ ধোনী দ্য আনটল্ড ষ্টৰী’, ছলমান খানৰ অভিনয়ত নিৰ্মিত ‘চুলতান’, প্ৰিয়ংকা চোপ্ৰা অভিনিত ‘মেৰিকম’ , ফাৰহান আখতাৰ অভিনিত ‘ভাগ মিলখা ভাগ’ , আমিৰ খানৰ ‘দংগল’, ইৰফান খান অভিনিত ‘পান সিং তোমৰ’, বিশ্বকাপ ক্ৰিকেটত ভাৰত প্ৰথম বাৰ চেম্পিয়ন হোৱা সম্পৰ্কীয় ‘৮৩’ আদি বহুতো ছবি । ঠিক সেইদৰে ইংৰাজী ছবিতো আমি দ্যা ৰেষ্টলাৰ , ক্ৰিড, ফৰ্ড ভিএছ ফেৰাৰী, ফাইট উইথ মাই ফেমেলি আদিকে ধৰি বহুতো ক্ৰীড়া বিষয়ক ছবি আমি দেখা পাওঁ । ক্ৰীড়া অনুৰাগীৰ মাজত এনেবোৰ ছবিয়ে বিপুল সমাদৰ লাভ কৰি আহিছে । এইবাৰ নেইমাৰক লৈ নেটফ্লিক্সৰ ছবি অনুৰাগীৰ উৎসাহ বৃদ্ধি পাইছে । নেইমাৰৰ দৰে তাৰকা ফুটবলাৰৰ ঘটনাবহুল জীৱনৰ বিষয়ে অধিক জানিবলৈ ক্ৰীড়া অনুৰাগীয়ে অধীৰ আগ্ৰহ প্ৰকাশ কৰটো স্বাভাৱিক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments