Monday, October 3, 2022
HomeNewsনাজিৰাত চাওলুং চ্যুকাফা টি-২০ ক্ৰিকেট:নাজিৰা ক্ৰিকেট একাডেমী পৰৱৰ্তী ৰাউণ্ডত

নাজিৰাত চাওলুং চ্যুকাফা টি-২০ ক্ৰিকেট:নাজিৰা ক্ৰিকেট একাডেমী পৰৱৰ্তী ৰাউণ্ডত

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

নাজিৰা কেন্দ্ৰীয় ক্ৰিকেট ক্লাবৰ তত্বাৱধানত আৰু অসম ক্ৰিকেট সন্থাৰ সহযোগত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা চাওলুং চ্যুকাফা সদৌ অসম ভিত্তিত টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ শুক্ৰবাৰে শিৱসাগৰৰ জিপছি ক্ৰিকেট ক্লাব আৰু নাজিৰা ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত হয় । যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিযোগিতাখনত মুঠ ১৭ টা দলে অংশগ্ৰহণ কৰিছে । জিপছি ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত মাত্ৰ ৯৯ সংগ্ৰহ কৰে । নাজিৰা ক্ৰিকেট একাডেমীৰ বিকি সিঙৰ বিধ্বংসী বলিঙত জিপছি ক্লাবৰ বেটছমেনে ক্ৰিজত সৰহপৰ তিষ্ঠিৱ নোৱাৰিলে । নাজিৰাৰ বিকি সিঙে চাৰিটা উইকেটৰ উপৰি ইনজামুলে ২ টা আৰু ৰাজদ্বীপে দুটা উইকেট দখল কৰে । জিপছি ক্লিকেট ক্লাবৰ হৈ বিনয়জিতে ২৩ (১৫) আৰু সঞ্জীৱ বৰুৱাই ১৪ (১০) ৰাণ কৰে । প্ৰত্যুত্তৰত নাজিৰা ক্ৰিকেট একাডেমীৰ চাৱান আলিৰ ২১ টা বলত ৫১ ৰাণ আৰু কৌশিক দাসৰ ২০ টা বলত ৩৪ ৰাণৰ বিস্ফোৰক ইনিংছেৰে প্ৰতিপক্ষ জিপছি ক্ৰিকেট ক্লাৱৰ বলাৰসকলৰ বলিং লাইন টছ-নছ কৰি নিজ দলক জয়ী কৰাত মুখ্য ভূমিকা পালন কৰে । মাত্ৰ ৭ অভাৰ ২ টা বলতেই নাজিৰা ক্ৰিকেট একাডেমীয়ে চাৱানৰ অৰ্ধশতকেৰে ১০২ কৰি ১০ উইকেটত জিপছি ক্লাৱক পৰাজিত কৰে । এই জয়েৰে নাজিৰা দলে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে । খেলৰ শেষত আয়োজক সমিতিয়ে নাজিৰা একাডেমীৰ বিধ্বংসী বলাৰ বিকি সিঙক মেন অৱ দ্য-মেচৰ বটা প্ৰদান কৰে । উক্ত খেলৰ আম্পায়াৰদ্বয় আছিল ৰুবুল আলি আৰু ৰফিক আলি । স্ক’ৰ বৰ্ডত সহায় কৰে ৰেকিব আহমেদে । ১৯ ফেব্ৰুুৱাৰীৰ খেলত মুখামুখি হ’ব সংমিশ্ৰণ ক্ৰিকেট ক্লাব (২) বনাম আসাম ষ্ট্ৰাইকাৰ্ছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments