Tuesday, October 4, 2022
HomeNewsনাজিৰাৰ ভোগবাৰী ফুটবল একাডেমীৰ অতীত আৰু ভৱিষ্যত

নাজিৰাৰ ভোগবাৰী ফুটবল একাডেমীৰ অতীত আৰু ভৱিষ্যত

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

ফুটবলৰ জ্বৰত আক্ৰান্ত এজাক শিশু । ৭০ দশকতে জন্ম লাভ কৰা এই ফুটবল একাডেমীৰ আছে এক বৰ্ণিল যাত্ৰা । এসময়ৰ দুৰ্ধৰ্ষ খেলুৱৈ যোগেন সন্দিকৈ, মুহি লাহন, চন্দ্ৰ খনিকৰ, নিত্যা খনিকৰ, দণ্ডেশ্বৰ লাহন, জগত কোৱঁৰ, খগেন খনিকৰ, বিনয় লাহন, লংকেশ্বৰ গগৈৰ দৰে লোকৰ আপ্ৰাণ চেষ্টাত গঢ় লৈ উঠিছিল তেতিয়াৰ ভোগবাৰী একাদশ । ভোগবাৰী একাডেমীত ফুটবলৰ আদিপাঠ গ্ৰহণ কৰা খেলুৱৈ অসমৰ বিভিন্ন আগশাৰীৰ দলত সিচৰতি হৈ আছে । গুৱাহাটীৰ মহাৰাণা ফুটবল ক্লাব, দুলীয়াজানৰ অইল ইণ্ডিয়া, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটী, অ এন ছি চি শিৱসাগৰ, মোহন বাগান জুনিয়ৰ, শ্বিলং লাজং, কলকাতাৰ ছেল, অসম পুলিচ গুৱাহাটী, গোলাঘাট ছাই আদি আগশাৰী দলত প্ৰদৰ্শন আগবঢ়াই আহিছে ভোগবাৰী ফুটবল দলৰ খেলুৱৈসকলে । এই প্ৰতিবেদনত আছে নাজিৰাৰ আগশাৰীৰ ফুটবল দল ভোগবাৰী ফুটবল একাডেমীৰ অতীত আৰু ভবিষ্যত ।৭০ দশকৰ পৰাই অসম ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰি আহিছে এই একাডেমীৰ খেলুৱৈসকলে । এই ক্লাবৰ প্ৰবীন কোৱঁৰে ভাৰতৰ জাতীয় দলত চাৰিবাৰকৈ ট্ৰাইল মাৰিবলৈ আমন্ত্ৰণ পাইছিল । বৰ্তমান ভাৰতৰ প্ৰধান ফুটবল লীগ আই এছ এলৰ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ প্ৰদৰ্শন আগবঢ়াই থকা প্ৰজ্ঞান সুন্দৰ গগৈ আৰু ১৯ অনূৰ্দ্ধৰ ভাৰতৰ ফুটবল দলৰ অধিনায়ক পাৰ্থিৱ সুন্দৰ গগৈৰও এইখন গাৱঁতেই জন্ম হৈছে । প্ৰজ্ঞান-পাৰ্থিৱহতঁৰ ঘৰ ভোগবাৰী খেলপথাৰৰ নিচেই কাষতে । গড়গাওঁ কলেজ ফিল্ড আৰু ভোগবাৰী খেলপথাৰত ফুটবলৰ অনুশীলন কৰি বৰ্তমান নিজৰ লক্ষ্যত উপনীত হৈছে প্ৰজ্ঞান-পাৰ্থিবে । সকলো ঠিকে-ঠাকে থাকিলে নাজিৰা কলেজৰ অধ্যাপক পৱন গগৈৰ এই দুই পুত্ৰ‌ই ছিনিয়ৰ ভাৰতীয় ফুটবল দলৰ জাৰ্চি পিন্ধিবলৈ বৰ বেছি দিন অপেক্ষা কৰিব নালাগিব । উল্লেখ্য যে এই গাঁওখনৰ প্ৰতিখন ঘৰতে এজন হলেও ফুটবল খেলুৱৈ আছে । যোৱা ৫২ বছৰে ফুটবল খেলি আহিছে উক্ত গাঁওখনৰ বাসিন্দাসকলে ভোগবাৰী ফুটবল একাদশৰ জৰিয়তে । ৫২ বছৰীয়া এই ফুটবল ক্লাবটো বহু ঘাট-প্ৰতিঘাট, উত্থান-পতনৰ মাজেৰে অতিবাহিত কৰিছে । অতি পিছপৰা এই গাওঁখনৰ একমাত্ৰ এই খেলপথাৰৰ পৰাই বহু প্ৰতিভাবান খেলুৱৈৰ জন্ম হৈছে । পৰ্যাপ্ত পৰিমাণৰ খেলৰ সা সুবিধা তথা উন্নত মানৰ খেলপথাৰৰ অভাৱৰ বাবেই বহু সম্ভাব্য খেলুৱৈ জন্ম হোৱাত বাধা আহি পৰিছে । শতাধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে উক্ত ফুটবল একাডেমীৰ । ইমানখিনি সাফল্য অৰ্জন কৰা সত্ত্বেও ভোগবাৰী ফুটবল একাডেমীব প্ৰতি ৰাজ্য চৰকাৰ বা অসম ফুটবল সন্থাই যিধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই । এই একাডেমীৰ বাবে উপযুক্ত প্ৰশিক্ষক, খেলুৱৈৰ বাবে পুষ্টিকৰ আহাৰ যোগান, ফিজিঅ নিযুক্তি আদি প্ৰাথমিক সুবিধাখিনি প্ৰদান কৰিব পাৰিলে ভবিষ্যতে ইয়াৰ পৰা যে বহু প্ৰতিভাৰ জন্ম হ’ব তাত কোনো সন্দেহ নাই । বৰ্তমান সময়ত উক্ত গাৱঁৰে কেইজনমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ প্ৰচেষ্টাত পুনৰ প্ৰাণ পাই উঠিছে উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো । ইয়াত প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছে ধ্ৰুৱ শইকীয়া, জিন্তু শইকীয়া, ঋতুপৰ্ণ শইকীয়া, দ্বীপজ্যোতি শইকীয়া আৰু সিদ্ধাৰ্থ খনিকৰে । তেওঁলোকৰ আশা–পুনৰ জন্ম হওক প্ৰতিভাৱান খেলুৱৈৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments