Tuesday, October 4, 2022
HomeNewsমোৰ নামত প্ৰপাগাণ্ডা বিয়পোৱাৰ পৰা বিৰত থাকক; দেশবাসীক উদ্দেশ্যি নীৰজৰ আহ্বান

মোৰ নামত প্ৰপাগাণ্ডা বিয়পোৱাৰ পৰা বিৰত থাকক; দেশবাসীক উদ্দেশ্যি নীৰজৰ আহ্বান

অলিম্পিয়া প্রতিবেদন

ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰা। টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়ৰ পাছত দেশৰ ক্ৰীড়া জগতত চৰ্চিত নীৰজ চোপ্ৰাৰ নাম।এইগৰাকী নীৰজ চোপ্ৰাই জেভলীন থ্ৰ’ত ৰচিছিল ইতিহাস। আজুৰি আনিছিল স্বৰ্ণ। বিশ্ব ক্ৰীড়াত বহু উদীয়মান খেলুৱৈৰ এতিয়া প্ৰেৰণাৰ উৎস নীৰজ চোপ্ৰা। শেহতীয়াকৈ টকিঅ’ অলিম্পিকত ঘটা ঘটনাৰ বাবে স্বৰ্ণ জয়ী নীৰজ চোপ্ৰা সামাজিক মাধ্যমত চৰ্চিত হৈছে। এক ঘটনাৰ অপবাখ্যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নীৰজ চোপ্ৰাই।

অলপতে, জেভলীন থ্ৰ’ৱাৰগৰাকীৰ এটা সাক্ষাৎকাৰে লাভ কৰিছে বিশেষ চর্চা। য’ত তেওঁ পাকিস্তানৰ খেলুৱৈ আৰ্শাদ নাদিমে তেওঁৰ জেভলীনপাত লোৱাৰ কথা ব্যক্ত কৰিছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়াৰ এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, নিজৰ জেভলীনপাত বিচাৰি পোৱাত পলম হোৱাৰ বাবে খৰখেদাকৈ তেওঁৰ প্ৰথম থ্ৰো কৰিবলগীয়া হৈছিল। দূৰ্ঘটনাক্ৰমে, জেভলীন পাত পিছত দেখা গৈছিল পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত। কিন্তু এই কথাক লৈ ছ’চিয়েল মিডিয়াত পাকিস্তানী জেভলীন থ্ৰ’ৱাৰ আৰ্শাদ বেয়াকৈ ট্ৰলৰ সন্মুখীন হয়। পাকিস্তানী খেলুৱৈগৰাকীয়ে ইচ্ছাকৃতভাৱে এনে কৰা বুলি অভিহিত কৰিব বিচাৰিছে বহুজনে। বহুতে আকৌ ঘটনাটোক ভাৰত বনাম পাকিস্তান ৰূপ দিয়াৰ চেষ্টা চলোৱাও দেখা গৈছে।

ইয়াকে লৈ অসন্তুষ্ট হৈ পৰিছে তাৰকা এথলীটগৰাকী। তেওঁৰ নাম ব্যৱহাৰ কৰি অযথা প্ৰ’পাগাণ্ডা নিবিয়পাবলৈ তেওঁ সমগ্ৰ দেশবাসীক আহ্বান জনাইছে। সম্প্ৰতি ভাইৰেল হৈ পৰিছে নীৰজ চোপ্ৰাৰ এই ভিডিঅ’। কেৱল খেলুৱৈ হিচাপে নহয়, এগৰাকী ব্যক্তি হিচাপেও নীৰজ চোপ্ৰাৰ চিন্তা-চেতনা যে বহু উচ্চ, খেলুৱৈগৰাকীৰ এই কথাই যেন তাকেই প্ৰমাণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments