Thursday, July 7, 2022
HomeNewsস্বৰ্ণময় হ'ল ভাৰত; ধন্যবাদ নীৰজ

স্বৰ্ণময় হ’ল ভাৰত; ধন্যবাদ নীৰজ

অলিম্পিয়া প্ৰতিবেদন

এসময়ৰ শকত-আবত ল’ৰাটোৱে আজি ইতিহাস লিখি পেলালে। সৰুতে মেদবহুলতাৰ বাবে লগ-সমনীয়াই জোকাইছিল ল’ৰাটোক। মাক-দেউতাকৰো চিন্তা বাঢ়িছিল ল’ৰাটোৰ স্বাস্থ্যক লৈ। সেয়েহে ওচৰৰে এটা শৰীৰচৰ্চা কেন্দ্ৰত নাম লগাই দিছিল ল’ৰাটোক। যেনেকৈ হ’লেও ল’ৰাৰ এজন হ্ৰাস পাব লাগে। শাৰীৰিক নিৰ্দেশকজনক সেই কথাই কৈছিল। কিন্তু ল’ৰাই ওজন হ্ৰাস কৰিবলৈ গৈ ক’ত ব্যস্ত থাকে তাৰ একো খবৰ পোৱা নাছিল মাক দেউতাকে। তেনেতে এদিন বাতৰি কাকতৰ ক্ৰীড়া পৃষ্ঠাত পঢ়িবলৈ পালে ল’ৰাৰ ফটোসহ এক বিশেষ বাতৰি। ল’ৰাই আন্তঃজিলা প্ৰতিযোগিতাত প্ৰথম হৈছে। তেতিয়াহে ঘৰৰ মানুহে জানিবলৈ পালে ল’ৰাৰ আগ্ৰহ ক’ত!

সেই ল’ৰাটোৱেই আজি দেশক দিলে ট্ৰেক এণ্ড ফিল্ডত দেশৰ প্ৰথমটো অলিম্পিক পদক। দেশৰ অলিম্পিক ইতিহাসৰ দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণ দখলৰে আন এক বিৰল মুহূৰ্তকো সাকাৰ ৰূপ দিলে এইগৰাকী দেশৰ নৱতম ক্ৰীড়া তাৰকাই। এসময়ৰ অস্বাস্থ্যৱান সেই ল’ৰাটোৱেই আজিৰ নীৰজ চোপ্ৰা। ভাৰতীয় ক্ৰীড়াৰ উদিত তাৰকা।

ইমানদিনে ওজন কমাবলৈ শৰীৰচৰ্চা কৰিবলৈ গৈ ঘূৰি আহোঁতে নীৰজে পানীপতৰ ছাই কেম্পত ল’ৰা-ছোৱালীবোৰৰ অনুশীলন উপভোগ কৰিছিলগৈ। তাতেই এগৰাকী তেওঁতকৈ বয়সত ডাঙৰ এথলিটে নীৰজলৈ আগবঢ়াই দিছিল জেভলিন পাত। প্ৰথমবাৰ জেভলিন পাত মাৰি পঠিৱাওতেই সকলোৰে চকু থৰ হৈ পৰিছিল। কোনো টেকনিকেল কাৰুকার্য নাই, সম্পূৰ্ণ প্ৰকৃতিপ্ৰদত্ত যেন এই প্ৰতিভা। সেয়াই আৰম্ভণি।

নীৰজৰ হাতত জেভলিন তুলি দিয়া জয়বীৰ নামৰ সেই এথলিটৰ তত্বাৱধানতে প্ৰশিক্ষণ আৰম্ভ কৰিলে প্ৰতিভাৱান এই কিশোৰে। ইয়াৰ পিছতেই পঞ্চকুলাৰৰ টাও দেৱী লাল ষ্টেডিয়ামত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰে নীৰজে। ২০১৫ ত নেচনেল কেম্পলৈ আমন্ত্ৰিত হয়। ২০১৬ত পোলেণ্ডত অনুৰ্দ্ধ ২০ বৰ্ষৰ অভিলেখ ভংগ কৰে নীৰজে। একেটা বৰ্ষতে দক্ষিণ এছীয় ক্ৰীড়াত স্বৰ্ণ আৰু ২০১৭ ত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপতো আন এক স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয় দেশীয় ক্ৰীড়াৰ উদীয়মান তাৰকাগৰাকীয়ে। ইয়াৰ পিছতে এছিয়ান আৰু কমনৱেলথৰ দৰে বিশ্ব ক্ৰীড়াৰ মেগা ইভেণ্টতো নিজৰ প্ৰতিভাৰ জ্বালামুখী প্ৰদৰ্শনত সফল হয় নীৰজ। দুয়োখন প্ৰতিযোগিতাতে স্বৰ্ণ অৰ্জনৰে ভৱিষ্যত সম্ভাৱনীয়তাৰ নতুন ইতিহাস ৰচে পানীপতৰ এই যুৱকে। ইয়াৰ পিছত অলিম্পিকত আন এক স্বৰ্ণ জয়েৰে ভাৰতীয় অলিম্পিক ইতিহাসত এক স্বৰ্ণিল অধ্যায়ৰ সূচনা কৰে নীৰজে। নীৰজৰ এই যাত্ৰা যুগমীয়া হওঁক। ২৩ বছৰীয়া নীৰজৰ হাতলৈ পুনৰ সুযোগ আহিব ইতিহাসক নতুনকৈ লিখি পেলোৱাৰ। নীৰজে এই ধাৰা অব্যাহত ৰাখক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments