Friday, September 30, 2022
HomeNewsক্ৰীড়া আন্তঃগাঁথনি অসম; ঐতিহাসিক নেহেৰু ষ্টেডিয়ামৰ অতীত আৰু বৰ্তমান

ক্ৰীড়া আন্তঃগাঁথনি অসম; ঐতিহাসিক নেহেৰু ষ্টেডিয়ামৰ অতীত আৰু বৰ্তমান

প্ৰথম প্ৰতিবেদন

শেহতীয়াকৈ অসমত বহু কেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। ২০২০ বৰ্ষটোৰ আৰাম্ভণিতে ১০ জানুৱাৰীৰ পৰা আুষ্ঠানিকভাৱে আৰম্ভ হৈছিল খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পিছতে এই ক্ৰীড়া সমাৰোহখন অন্যতম এক বৃহৎ প্ৰতিযোগিতা বুলি বিবেচিত হৈছে।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হৈ থকাৰ সময়তেই অসমত অনুষ্ঠিত কৰিছিল দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহ। ইয়াৰ পিছটো বহু কেইখন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে বিশ্বকাপ ফুটবলৰো কোৱালিফায়িং মেচ অনুষ্ঠিত কৰিলে। এই সকলোবোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে এক মাত্ৰ উন্নতঃ ক্ৰীড়া আন্তঃগাঁথনিৰ বাবেহে। গুৱাহাটীৰ বৰ্তমানৰ ক্ৰীড়া আন্তঃগাঁথনি বিশ্বমানৰ বুলি বহু ক্ৰীড়াবিদে স্বীকাৰ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্প, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, নেহেৰু ষ্টেডিয়ামকে প্ৰমুখ্য কৰি ক্ৰীড়া প্ৰকল্প সমূহে ৰাজ্যৰ ক্ৰীড়া জগতৰ স্বাক্ষৰ বহন কৰিছে। আমাৰ এই ধাৰাবিহক প্ৰতিবেদনত অসমৰ মুখ্য ক্ৰীড়া প্ৰকল্প সমূহৰ বিষয়ে বিতংকৈ আগবঢ়োৱাৰ এক প্ৰচেষ্টা লোৱা হৈছে। আমাৰ এই প্ৰথমখন প্ৰতিবেদনত আমি ঐতিহাসিক নেহেৰু ষ্টেডিয়ামৰ বিষয়ে কিছু কথাৰ অৱতাৰনা কৰিম।

সিংহ পুৰুষ ৰাধীগোবিন্দ বৰুৱা

সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৬২ চনত স্থাপন কৰা হৈছিল নেহেৰু ষ্টডিয়াম। ১৫০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা ষ্টডিয়ামখনত মূলতঃ ক্ৰিকেট আৰু ফুটবল খেলেই অনুষ্ঠিত কৰা হয়। অসমৰ এসময়ৰ বৃহৎ ফুটবল প্ৰতিযোগিতা বৰদলৈ ট্ৰফী, জি এছ এ ছুপাৰ ডিভিজন লীগ, দেশৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা আৰু সন্তোষ ট্ৰফী আৰু ফেডাৰেচন কাপ এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ইয়াৰ উপৰি ষ্টডিয়ামখনত বৰ্তমানলৈকে ১৪ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ৰঞ্জী ট্ৰফী, দুলীপ ট্ৰফীৰ মেচ সমূহ নিয়মীয়াকৈ এসময়ত এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। বৰ্তমানলৈকে ভাৰতীয় জাতীয় ক্ৰিকেট দলে নেহেৰু ষ্টেডিয়ামত ১১ খন এদিনীয়াত ভাগ লৈ ছয় খনত জয়ী হোৱাৰ লগতে ৫খনত পৰাস্ত হৈছে। ইয়াৰ ৰগতে দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা, নিউজিলেণ্ড বনাম ৱেষ্ট ইণ্ডিছ, অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ডৰ এদিনীয়া মেচ অনুষ্ঠিত হৈছে।

এই ষ্টেডিয়ামত প্ৰথমখন ভাৰতীয় জাতিয় দলৰ মেচ অনুষ্ঠিত হৈছিল ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত। মেচ খন অনুষ্ঠিত হৈছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। মেচখনত ৱেষ্ট ইণ্ডিজ ৬ উইকেটত জয় লাভ কৰিছিল। আনহাতে এই ষ্টেডিয়ামত অন্তিম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ অনুষ্ঠিত হৈছিল ২০১০ চনৰ ২৮ নৱেম্বৰত। মেচ খনত ভাৰতে নিউজিলেণ্ডক ৪০ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

নেহেৰু ষ্টেডিয়ামত ৰঞ্জী ট্ৰফীৰ মেচ (ফাইল ফটো)

ঐতিহাসিক নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাসমূহৰ পূৰ্বৰ যি গৰিমা সেই গৰিমা বৰ্তমান নাই। মহানগৰীৰ মাজ মজীয়াত থকা এই ষ্টেডিয়াত এসময়ত বৰদলৈ ট্ৰফী, সন্তোষ ট্ৰফীৰ মেচ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু অতি পৰিতাপৰ কথা বৰ্তমান এই প্ৰতিযোগিতাসমূহ দৰ্শক অবিহনেই অনুষ্ঠিত কৰিবলগীয়া হৈছে।

সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি তোলা নেহেৰু ষ্টেডিয়ামৰ কাষত বৰ্তমান ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প স্থাপন কৰা হৈছে। য’ত অসম অলিম্পক সন্থাৰ কাৰ্যালয় স্থাপন কৰাৰ লগতে গোপিনাথ বৰদলৈ ইন্দৰ’ৰ ষ্টেডিয়াম স্থাপন কৰা হৈছে। লগতে বহু কেইটা ক্ৰীড়া সন্থাক অনুশীলন কৰাৰ সুবিধা হোৱাকৈ কোঠালি ভাড়ালৈ দিয়া হৈছে। বাস্কেটব বল ক’ৰ্ট, সাতোঁৰ প্ৰশিক্ষণ কেন্দ্ৰ আদিো স্থাপন কৰা হৈছিল। ৰাধাগোবিন্দ বৰুৱাই সকলো দিশ সামৰি ষ্টেডিয়ামৰ লগতেই এক গেষ্ট হাউচ নিৰ্মাণ কৰিছল যদিও বৰ্তমান সেই গেষ্ট হাউচ নেহেৰু ষ্টেডিয়ামৰ লগত নাই। এক হোটেললৈ ৰূপান্তৰ কৰা হ’ল।

নেহেৰু ষ্টেডিয়াম

অতি পৰিতাপৰ কথা ঐতিহাসিক নেহেৰু ষ্টেডিয়ামৰ গেলাৰী বৰ্তমান ধ্বংসস্তূপলৈ পৰিণত হৈছে। ষ্টেডিয়ামৰ গেলাৰীৰ আসন বোৰ ভাঙি চূৰ্ণ-বিচুৰ্ণ হৈছে। বাৰিষা ফিল্ডত একাঁঠুলৈকে পানী হয়। এই বোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা হাতত লৈছে বা সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আমাৰ পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰিম। নেহেৰু ষ্টেডিয়ামক উপযুক্তভাৱে সংৰক্ষণ কৰাৰ অতি প্ৰয়োজন।

ঐতিহাসিক নেহেৰু ষ্টেডিয়ামত সম্পৰ্কে olympiasports.in ৰ এই প্ৰতিবেদন আপুনি কেনে পালে সেয়া আমাক জনাবলৈ নাপাহৰিব।

নেহেৰু ষ্টেডিয়ামত থকা ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প ( ফাইল ফটো)

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments