Monday, October 3, 2022
HomeNewsনেহৰু ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : উৎফুল্লিত অসম ফুটবল খেলুৱৈ...

নেহৰু ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : উৎফুল্লিত অসম ফুটবল খেলুৱৈ সন্থা

অলিম্পিয়া প্ৰতিবেদন

অৱশেষত নিদ্ৰা ভংগ হল ৰাজ্য চৰকাৰৰ । পুৱাই আহিল ফুটবলৰ বাবে এক ভাল খবৰ । নেহৰু ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । আশাৰ পোহৰ দেখিছে প্ৰশিক্ষক তথা ফুটবলাৰসকলে ।

এক দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱা দিশে । খেলপথাৰৰ অভাৱত ভুগিছিল গুৱাহাটীৰ ৩০ টা ক্লাবৰ খেলুৱৈয়ে । খেলপথাৰ বিচাৰি প্ৰতিবাদত উত্তাল কৰিছিল গুৱাহাটী মহানগৰী । সকলোৱে চৰকাৰ তথা ক্ৰীড়া বিভাগক নেহৰু ষ্টেডিয়াম খন প্ৰদানৰ বাবে অনুৰোধ কৰিছিল । সেই প্ৰতিবাদৰ ভাষা যেন শুনিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । নেহৰু ষ্টেডিয়ামক লৈ চলি থকা বিতৰ্ক সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে নিজৰ মত । মুখ্যমন্ত্ৰীৰ মতে, এইয়া ভুল বুজা-বুজি হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আহিলে সকলোকে সমিল -মিলে আগবাঢ়িবলৈ অনুৰোধ জনালে তেওঁ । এতিয়া যিহেতু নেহৰু ষ্টেডিয়ামত ৰঞ্জি ক্ৰিকেট অব্যাহত আছে, তাৰ পাছতেই এই ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিবলৈ ইতিমধ্যে ক্ৰীড়া সঞ্চালকক নিৰ্দেশ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী জনে ।

ইয়াৰ পাছতেই উৎফুল্লিত হৈ পৰিছে অসম ফুটবল খেলুৱৈ সন্থাৰ লগতে ফুটবল অনুৰাগীসকল । মুখ্যমন্ত্ৰীজনৰ এই আশ্বাসক ধন্যবাদ জনালে প্ৰশিক্ষক হেম দাসে ।

ৰঞ্জি ক্ৰিকেট শেষ হলেই পুনৰ অনুশীলনত নামিব ফুটবলাৰসকল । আগৰ ক্ষতিসমূহ পূৰণৰ বাবে চেষ্টা কৰিব অসম ফুটবল খেলুৱৈ সন্থাই । লগতে মুখ্যমন্ত্ৰীজনে আমন্ত্ৰণ জনালে ইয়াৰ আনুষংগিক অসুবিধাসমূহ আঁতৰ কৰাৰ বাবে আলোচনাত বহিবলৈ প্ৰস্তুত তেওঁলোক ।

এই শুভ বাৰ্তাই আনন্দিত কৰিলে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দুৰ্গা বড়োক । বৰদলৈ ট্ৰফী বা গুৱাহাটী লীগৰ টুৰ্ণামেন্টসমূহ অনুষ্ঠিত কৰিবলৈ গুৱাহাটী ক্ৰীড়া সন্থাক সহায় কৰিবলৈ আগ্ৰহী অসম ফুটবল খেলুৱৈ সন্থা ।

ইফালে, নেহৰু ষ্টেডিয়াম মুকলি হলে ফুটবলৰ লগতে খো-খো, বাস্কেটবল আদি খেলুৱৈসকলৰ অনুশীলনত সুবিধা হ’ব বুলি উল্লেখ কৰে ফুটবলাৰ দুৰ্গা বড়োৱে ।

সুখৰ কথাটো এইয়ে যে অহা ১৩ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ বাবুল ফুকন আৰু ৰাধে বৰগয়াৰীৰ পৰিয়ালৰ সাহাৰ্য্যৰ বাবে এখন চেৰিটি মেচ অনুষ্ঠিত কৰিবলৈ মন মেলিছে ফুটবল খেলুৱৈ সন্থাই
। ক্ৰীড়া অনুৰাগীৰ আশা — নেহৰু ষ্টেডিয়ামত পুনৰ অংকুৰিত হওক ফুটবলৰ অনুশীলন । উপযুক্ত প্ৰশিক্ষণেৰে অসমৰ ক্ৰীড়াক্ষেত্রত উদয় হওক নৱতম ফুটবলাৰৰ । সেই আশাত বন্দী অসমৰ ফুটবল সমাজ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments