অলিম্পিয়া প্ৰতিবেদন
ক্ৰিকেটতো আৰম্ভ হ’ল নেকি nepotism? ক্ৰিকেটৰ পথাৰত আত্মপ্ৰকাশ কৰিবলৈ হ’লে হ’ব লাগিব নেকি ক্ৰিকেটাৰৰ সন্তান। এই প্ৰশ্ন আমি কৰা নাই। কৰিছে দেশৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে। ক্ৰিকেটৰ পথাৰতো nepotism ৰ প্ৰৱেশ ঘটিল নেকি ইয়াকে লৈ এতিয়া সৰৱ চর্চা চলিছে সামাজিক মাধ্যমত।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে বহু চৰ্চিত আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ মিনি নিলাম প্ৰক্ৰিয়া সম্পন্ন হৈ যায়। উক্ত নিলাম প্ৰক্ৰিয়াত দেশ বিদেশৰ ৫৭ গৰাকী তাৰকা ক্ৰিকেটাৰক ক্ৰয় কৰে আই পি এলৰ আঠোটাকৈ ফ্ৰেঞ্চাইজিয়ে। আই পি এলৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বাধিক মূল্যৰ ক্ৰিকেটাৰ হিচাবে পৰিগণিত হয় দক্ষিণ আফ্ৰিকাৰ ক্ৰিছ মৰিছ। তেওঁক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰে ১৬.২৫ কোটি টকাত।
সমগ্ৰ নিলাম প্ৰক্ৰিয়াৰ বাবে বি চি চি আয়ে তালিকাভুক্ত কৰা ২৯২ গৰাকী ক্ৰিকেটাৰৰ মাজৰ পৰা দেশৰ বহুকেগৰাকী উদীয়মান ক্ৰিকেটাৰকো নিৰ্বাচিত কৰে দলসমূহে। তাৰ ভিতৰত শ্বাহৰুখ খান, মহম্মদ আজাহাৰুদ্দিন, কে গৌথম আদি আছিল অন্যতম।উল্লেখযোগ্য যে, ২৯২ জনৰ মাজৰ পৰা ৫৭ জনক নিৰ্বাচিত কৰা এই তালিকাত শচীন পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ নামো অন্তৰ্ভুক্ত হোৱাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘৰুৱা ক্ৰিকেটত কোনো উল্লেখযোগ্য বৰঙণি নথকাৰ পিছতো অৰ্জুন টেণ্ডুলকাৰক সুযোগ দিয়াক লৈ এচাম ক্ৰিকেটপ্ৰেমী অসন্তুষ্ট হৈ পৰিছে। প্ৰশ্ন উত্থাপন হৈছে নিজ পিতৃৰ আশীষধন্য হোৱাৰ সুবাদতে অৰ্জুনে লাভ কৰিলে নেকি আই পি এল টিকট।
উল্লেখযোগ্য যে সদ্য সমাপ্ত চৈয়দ মুস্তাক আলী ট্ৰফীত হতাশজনক আছিল অৰ্জুনৰ প্ৰদৰ্শন। প্ৰতিযোগিতাখনত অংশ লোৱা ২ খন মেচত কেৱল দুটা উইকেট লাভ কৰাৰ বিপৰীতে বেটিঙতো উজলি উঠিব পৰা নাছিল উদীয়মান ক্ৰিকেটাৰগৰাকী। ফলত বাকী মেচসমূহৰ পৰা বাদ পৰিছিল শচীন পুত্ৰ অৰ্জুন। ঘৰুৱা ক্ৰিকেটত এনে দুৰ্বল প্ৰদৰ্শনৰ পিছতো বহু প্ৰতিভাৱান ক্ৰিকেটাৰক পিছ পেলাই অৰ্জুনে আই পি এলত সুযোগ পোৱাক লৈ সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
মন কৰিবলগীয়া যে, এইবাৰৰ আই পি এল নিলাম প্ৰক্ৰিয়াৰ বাবে অসমৰো দুগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ নাম তালিকাভুক্ত হৈছিল। তেওঁলোক আছিল অসম ছিনিয়ৰ দলৰ অলৰাউণ্ডাৰ ৰাজাকুদ্দিন আহমেদ আৰু প্ৰতিভাৱান বেটছমেন ছাহিল জৈন। দুয়োগৰাকী ক্ৰিকেটাৰেই সদ্য সমাপ্ত চৈয়দ মুস্তাক আলী ট্ৰফীত বেটে বলে উজলি উঠিছিল। প্ৰতিযোগিতাখনত ৰাজাকুদ্দিন আহমেদৰ মাৰমুখী বেটিঙে দৃষ্টি কাঢ়িছিল টেলিভিছন ধৰাভাষ্যকাৰৰ।
প্ৰতিযোগিতাখনত শক্তিশালী হায়দৰাবাদৰ বিৰুদ্ধে ১৫ টা বলত ৩১ ৰান সংগ্ৰহ কৰি অসমক জয়ৰ সোৱাদ দিয়া ৰাজাকুদ্দিনে আন এখন গুৰুত্বপূৰ্ণ মেচত তামিলনাডুৰ বিপক্ষেও খেলিছিল আন এটা বিস্ফোৰক ইনিংছ। তাৰোপৰি বলিঙতো জিলিকি উঠা অলৰাউণ্ডাৰজনে প্ৰতিযোগিতাখনত কেইবাটাও উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। এগৰাকী টি টুৱেন্টি বিশেষজ্ঞ খেলুৱৈৰ সকলোবোৰ গুনেই আছিল অসমৰ দুয়োগৰাকী ক্ৰিকেটাৰৰ। বিশেষকৈ ভবা হৈছিল ৰাজাকুদ্দিন আহমেদৰ অলৰাউণ্ড প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব নিৰ্বাচক মণ্ডলীৰ। কিন্তু ইমানৰ পিছতো আই পি এলৰ কোনো এটা দলেই নিৰ্বাচিত নকৰিলে অসমৰ এজনো ক্ৰিকেটাৰক।
তাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ২০ লাখ প্ৰাৰম্ভিক মূল্যৰ শচীন পুত্ৰক ক্ৰয় কৰে সমান সংখ্যক টকাৰে। শচীন পুত্ৰৰ অন্তর্ভূক্তিয়ে বঞ্চিত কৰিলে নেকি আন একাংশ প্ৰতিভাৱন ক্ৰিকেটাৰক। পৰিসংখ্যাৰ ফালৰ পৰা অসমৰ ৰাজাকুদ্দিনৰ দৰে ক্ৰিকেটাৰতকৈ বহু গুণে পিছ পৰি থকা অৰ্জুন টেণ্ডুলকাৰৰ আই পি এল যাত্ৰাক লৈ সেয়ে অসমৰ বহু ক্ৰিকেটপ্ৰেমীৰ মনতো উদয় হৈছে এনে প্ৰশ্নৰ।